International
ডিফু : সমাগত স্বাধীনতা দিৱস৷ স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত কাৰ্বি পাহাৰত আনন্দৰ লহৰ৷ ইমান দিনে কাৰ্বি পাহাৰত সন্ত্ৰাস চলায় থকা কুকি উগ্ৰপন্থীয়ে আজি আত্মসমৰ্পণ কৰে৷ কুকি উগ্ৰপন্থী সংগঠন UPRFৰ ২৭ গৰাকীকৈ সদস্যই আত্মসমৰ্পণ কৰে৷
জিলাখনৰ ডিলাইৰ ছাইজাঙত আজিৰ আত্মসমৰ্পণ কৰে উগ্ৰপন্থী সদস্য কেইজনে৷ অসম আৰক্ষীৰ ডিফুৰ DIG সত্যৰাজ হাজৰিকাৰ ওচৰত কৰে আত্মসমৰ্পণ সদস্যকেইজনে৷ লগতে উপস্থিত থাকে জিলা আৰক্ষী অধীক্ষক পুস্পৰাজ সিং৷ উগ্ৰপন্থী সদস্যকেইজনে আৰক্ষীক জমা দিয়ে সৰু বৰ ১৭ টাকৈ মাৰণাস্ত্ৰ৷ ইয়াৰে ৪ টা অত্যাধুনিক ৰাইফলছ, ৫ টা পিষ্টল আৰু বাকীবোৰ কান্ত্ৰীমেড বন্দুক আৰু পইণ্ট টুটু বন্দুক বুলি জানিবলৈ পোৱা গৈছে৷
Leave A Comment