• স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত হাতে-হাতে লাঠি লৈ নিশা ৰাজপথত এদল মহিলা

    আঞ্চলিক
    স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত হাতে-হাতে লাঠি লৈ নিশা ৰাজপথত এদল মহিলা

    টিংখাং: সমাগত স্বাধীনতা দিৱস। স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত এতিয়া সষ্টম হৈছে ৰাজ্যৰ আৰক্ষী-প্ৰশাসন। তেনে সময়তে টিংখাঙত আইন-শৃংখলা ৰক্ষা কৰাৰ গুৰুদায়িত্ব কান্ধ পাতি লৈছে একাংশ মহিলাই।

    স্বাধীনতা দিৱসৰ প্ৰাকমুহূৰ্তত অঞ্চলটোত যাতে কোনোধৰণৰ কুটাঘাটমূলক ঘটনা সংঘটিত নহয় তাৰ বাবে এতিয়া পাকঘৰ এৰি ৰাজপথত পহৰাত ব্যস্ত টিংখাঙৰ বামুণবাৰী মহিলা গাঁওৰক্ষী বাহিনীৰ সদস্যাসকল। হাতে-হাতে টৰ্চ, লাঠি-জোং লৈ ২০-২৫জনীয়া মহিলাৰ দলে পুৰুষৰ সমান্তৰালকৈ পহৰা দিছে নিজৰ গাঁওখনত।

    আনকি গাঁওখনলৈ প্ৰৱেশ কৰা প্ৰতিখন দুচকীয়া-চাৰিচকীয়া বাহন নিজেই তন্ন-তন্নকৈ তালাচী কৰিছে মহিলাৰ দলটোৱে। আনহাতে ক’ভিডড বিধি তথা সান্ধ্যআইন উলংঘা কৰি ঘূৰি ফুৰা লোকসকলৰ ওপৰতো চোকা নজৰ ৰাখিছে দলটোৱে।