• স্বামীৰ মৃত্যুৰ পাছতে হেৰুৱাইছে বাসগৃহঃ কন্যাসহ ৰাজপথত মাতৃ

    আঞ্চলিক
    স্বামীৰ মৃত্যুৰ পাছতে হেৰুৱাইছে বাসগৃহঃ কন্যাসহ ৰাজপথত মাতৃ

    বাকসাঃ সভ্য সমাজক লজ্জানত কৰা এক অমানৱীয় জঘন্য ঘটনাই জোকাৰি গৈছে বাকসাৰ ডুমুনী – চৰাইমাৰী অঞ্চল৷ প্ৰায় ডেৰমাহ পূৰ্বে ডুমুনীৰ মনোৰঞ্জন গোস্বামী নামৰ লোকজনে পত্নী আৰু একমাত্ৰ কন্যাক এৰি আকস্মিকভাৱে মৃত্যুবৰণ কৰে৷ স্বামীৰ মৃত্যুৰ দুবছৰমানৰ পূৰ্বৰেপৰা পত্নী আৰু কন্যাক লৈ পৰিয়ালটোৱে আশ্ৰয় লৈছিল চৰাইমাৰীৰ আত্মীয়ৰ ঘৰত৷ স্বামীৰ মৃত্যুৰ পাছত মৃতদেহ স্বামীৰ পৰিয়ালে চমজি ল’বলৈ অমান্তি হৈছিল৷ কিন্তু ৰাইজৰ হেঁচাত মৃতদেহ স্বামীৰ পৰিয়ালে নি সৎকাৰ কৰে যদিও কৃৎকৰ্ম শেষ হোৱাৰ লগে লগে পত্নী আৰু কন্যাক স্বামী গৃহৰ পৰা স্বামীৰ পাঁচ ভাতৃয়ে সম্পত্তিৰ ভাগ নিদি ওলাই আহিবলৈ হেঁচা প্ৰয়োগ কৰে৷ আনকি শাৰীৰিক-মানসিক নিৰ্যাতন কৰি আহিছে দুৰ্ভগীয়া মাতৃ -কন্যাৰ ওপৰত।





    আৰু পঢ়িব পাৰিব : ৰাজনৈতিক হেঁচাৰ বাবে অধ্যাপকৰ পদত্যাগ! বিশ্বজুৰি প্ৰতিক্ৰিয়া





    ইমানতে ক্ষান্ত নাথাকি মৃত মনোৰঞ্জন গোস্বামীৰ ভাতৃ কন্দৰ্প গোস্বামী, নৃপেন গোস্বামী, বিৰেন গোস্বামী, কৃষ্ণ মোহন গোস্বামী, বাবুলা গোস্বামীৰ নিৰ্দেশত পৰিয়ালৰ আন সদস্যসকলে সাতদিন ধৰি ভাত খাব নিদিয়ে বুলি মন্তব্য কৰে দুৰ্ভগীয়া বিধৱা মাতৃ আৰু জীয়ৰীয়ে৷ শনিবাৰে বিধৱা মাতৃ-কন্যাক টালি টোপোলাসহ এখন বাহনত উঠাই আনি চৰাইমাৰী ৰাজপথত এৰি থৈ যায়। দুৰ্ভগীয়া বিধৱা মাতৃ-কন্যাৰ ওপৰত চলোৱা অমানৱীয় অত্যাচাৰৰ ন্যায় বিচাৰিছে বিধৱাগৰাকীৰ মাতৃৰ পৰিয়াল আৰু স্থানীয় লোকে৷





    আৰু পঢ়িব পাৰিব : কৰ’না সংক্ৰমণ তীব্ৰতৰ : দেশত নতুন স্বাস্থ্য সংকট!





    উল্লেখ্য যে একমাত্ৰ পিতৃহাৰা কন্যা অঞ্জুমণি গোস্বামী স্নাতকৰ ছাত্ৰী৷ ৰাজপথত থৈ যোৱাৰ পাছত মাতৃ-কন্যাই হুকহুকাই কান্দি কান্দি বৰ্ণনা কৰিলে নিৰ্যাতনৰ বিষয়ে। মাতৃ-কন্যাৰ কাহিনী শুনি মৰ্মান্তিক হৈ পৰিল সমবেত লোকসকল।মাতৃ-কন্যাৰ আত্মীয়ই ডুমুনী আৰক্ষীক অৱগত কৰিছিল যদিও আৰক্ষীয়ে কোনোধৰণৰ গুৰুত্ব নিদিয়া অভিযোগ কৰে আত্মীয়ই।