Breaking News
গোৰেশ্বৰঃ পত্নী সকলোৰে বাবে মৰমৰ আৰু বিশ্বাসৰ। কিন্তু সেই পত্নীয়েই যদি নিৰুদ্দিষ্ট হয়, মনত বেজাৰ লাগিবই দিয়কচোন! বাকসা জিলাৰ গোৰেশ্বৰ থানাৰ অন্তৰ্গত বটীয়ামাৰীৰ নিবাসী কৃষ্ণ ডেকাৰ পত্নী প্ৰণিতা ডেকা(৩৫) সোমবাৰৰ পৰা নিৰুদ্দিষ্ট হোৱা ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। গোৰেশ্বৰৰ বটীয়ামাৰীত ভাৰাতীয়া হিচাপে থকা কৃষ্ণ ডেকাৰ ভাষ্য অনুসৰি, তেওঁৰ পত্নীয়ে মোবাইলৰ চাৰ্জাৰ কিনিবলৈ বজাৰলৈ ওলাই গৈছিল। বজাৰলৈ যোৱা পত্নী প্ৰণিতা ডেকা বৰ্তমানলৈ ঘৰলৈ উভতি নহাত কৃষ্ণ চিন্তিত হৈ পৰিছে।
বাকসা জিলাৰ বৰবৰী থানা অন্তৰ্গত খাগ্ৰাবাৰীৰ কৃষ্ণ ডেকা কৰ্মসূত্ৰে গোৰেশ্বৰ বটীয়ামাৰীত ভাৰাতীয়া হিচাপে বাস কৰে। তেওঁ গোৰেশ্বৰৰ হাজলপাৰা গাঁৱৰ প্ৰণিতা ডেকাৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ পাছৰে পৰা দুই কন্যা সন্তানসহ পৰিয়ালটো বটীয়ামাৰীতে থাকে। বজাৰলৈ যোৱাৰ পাছত কৃষ্ণই পত্নীৰ মোবাইলত এবাৰ ফোন কৰাত ‘গৈ আছো…’- বুলি কৈছিল যদিও এতিয়ালৈ ঘৰলৈ উভটি অহা নাই বুলি আমাৰ সাংবাদিকে জনাইছে।
বহু বিচাৰ-খোচাৰ কৰিও কোনো সম্ভেদ পোৱা নাই মহিলাগৰাকীৰ। কোনো সদাশয় লোকে মহিলাগৰাকীৰ সন্ধান পালে ওচৰৰ আৰক্ষী থানা বা ৯৫৭৭৪-৮১৭০৪ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে মহিলাগৰাকীৰ পৰিয়ালে। ইপিনে মহিলাগৰাকীয়ে লগত নিয়া ৮০৯৯৪-৯৯৩০৮ নম্বৰৰ ফোনটোও কাৰ্যক্ষম হৈ নথকাত স্বামী কৃষ্ণ ডেকা অধিক চিন্তিত হৈ পৰিছে।
Leave A Comment