• স্বাস্থ্যখণ্ডৰ আজৱ কাণ্ড : মৃত ব্যক্তিক উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ

    আঞ্চলিক
    স্বাস্থ্যখণ্ডৰ আজৱ কাণ্ড : মৃত ব্যক্তিক উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ

    কামৰূপ : স্বাস্থ্য বিভাগত সংঘটিত হৈছে এক নজিৰবিহীন ঘটনা৷ চিকিৎসা বিজ্ঞানক চূড়ান্ত ভেঙুচালি কৰি এজন চিকিৎসকে মৃত ব্যক্তিক উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ এই ঘটনা সংঘটিত হৈছে দক্ষিণ কামৰূপৰ সোণতলী প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত৷ প্ৰাপ্ত তথ্য মতে, সোণতলী সত্ৰ গাঁৱৰ শিৰাজুল হক নামৰ ব্যক্তিজনে নিজে খোজকাঢ়ি চিকিৎসাৰ বাবে উপস্থিত হৈছিল সোণতলী প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত৷





    স্বাস্থ্যকেন্দ্ৰটোৰ ভাৰপ্ৰাপ্ত চিকিৎসক ছামচুল আলমৰ তত্বাৱধানত চিকিৎসাৰত অৱস্থাতেই শিৰাজুল হকৰ মৃত্যু হয়৷ তৰা পাছতেই ঘটে আজৱ ঘটনাটো৷ মৃত্যুৰ পাছতেই চিকিৎসক ছামচুল আলমে নিজৰ দায়ৰ পৰা সাৰিবলৈ মৃত ব্যক্তিজনক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে৷ তাৰ পাছতেই চিকিৎসকজন স্বাস্থ্যকেন্দ্ৰৰ পৰা পলায়ন কৰাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়াল লোকে।





    পৰিয়ালৰ লোকে চিকিৎসক ছামচুল আলমৰ চতুৰালিৰ বিষয়ে জানিব পাৰি বহু সময় পূৰ্বেই মৃত্যুবৰণ কৰা শিৰাজুল হকক ঘৰলৈ ওভতাই অনাৰ পাছতেই সমগ্ৰ অঞ্চলজুৰি তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়৷ ইফালে চিকিৎসক ছামচুল আলমৰ এনে নিকৃষ্ট কাণ্ডক একমুখে ধিক্কাৰ দিছে মৃত ব্যক্তিৰ পৰিয়াল তথা স্থানীয় ৰাইজে৷