• স্বাৰ্থপৰ গম্ভীৰ! ছবি পোষ্ট কৰি লটি-ঘটি ‘দ্য ছেকণ্ড ৱাল’ৰ

    আঞ্চলিক
    স্বাৰ্থপৰ গম্ভীৰ! ছবি পোষ্ট কৰি লটি-ঘটি ‘দ্য ছেকণ্ড ৱাল’ৰ

    নতুন দিল্লীঃ ২০০৭ চনত পোন প্ৰথমবাৰৰ বাবে আইচিচি-এ টি-২০ বিশ্বকাপৰ আয়োজন কৰিছিল। দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত প্ৰথম বিশ্বকাপতেই ভাৰতে চেম্পিয়ন হৈ নৱ ইতিহাসৰ সূচনা কৰিছিল। ঐতিহাসিক খেলৰ ফাইনেলত মুখামুখী হৈছিল ভাৰত-পাকিস্তান। ভাৰতৰ সেই ঐতিহাসিক জয়ৰ ১৪বছৰ পূৰ্তিি উপলক্ষে গৌতম গম্ভীৰে এখন আলোকচিত্ৰ সামাজিক মাধ্যমত শ্বেয়াৰ কৰে। বাস্তৱত এই কাৰ্য বুমেৰাং হৈ পৰিব বুলি তিলমানো ভবা নাছিল গম্ভীৰে। ভাৰতৰ এই বিজয় উত্‍সৱ উদযাপন কৰিবলৈ গৈ নিজৰ আলোকচিত্ৰ শ্বেয়াৰ কৰা কাৰ্যক মান্যতা দিব বিচৰা নাই ভাৰতীয় সমৰ্থকে।





    সকলোৰে প্ৰশ্ন, ‘গোটেই দলটোৰ বিজয় উদযাপন কৰোঁতে তেওঁ কেৱল তেওঁৰ ছবিহে কিয় শ্বেয়াৰ কৰিছে? ভাৰতীয় দলটোৱে বিশ্বকাপ ট্ৰফীটো লৈ থকা সেই ঐতিহাসিক ছবিখন ক’ত?’
    তুমুল বিতৰ্কৰ মাজতে বহুতে গম্ভীৰৰ এটা পুৰণি টুইট মনত পেলাই দিছে। ২০১১চনৰ বিশ্বকাপত ধোনীৰ আইকনিক ছয়টোৰ ছবিখন ইএচপিএন ক্ৰিকইনফোই পোষ্ট কৰিছিল। ছবিখনক লৈ ক্ষুব্ধ হৈ পৰিছিল গম্ভীৰ। ক্ৰিকেট ৱেবছাইটটোক তীব্ৰ সমালোচনা কৰি তেতিয়া গম্ভীৰে কৈছিল, ‘ইএছপিএন ক্ৰিকইনফো, মই আপোনাক মনত পেলাই দিব বিচাৰো যে গোটেই দলটো আৰু সহায়ক কৰ্মচাৰীয়ে একেলগে বিশ্বকাপ জিকিছে। এতিয়া এই ছবিখনৰ বাবে এটা ছয় মৰাৰ সময় হৈছে।’ গম্ভীৰৰ টুইটৰ ওপৰত ভিত্তি কৰি সমৰ্থকসকলে কয়, ‘আপুনি আনক যি শিকাই আছে তাক আপুনি নিজে অনুসৰণ কৰিবলৈ চেষ্টা কৰা উচিত।’


    sabung ayam onlinecasino onlinesv388baccarat onlinelive baccaratlive casinogame onlineslot gacor lah apa lagislot gacormahjong ways game gacor maxwinkemewahan scatter hitam game gacorsyarat meraih 125juta game mahjong wins 3game gacor pragmatic 2025 mahjong wins 3adu jackpot 2 game gacor mahjongslot gacor