• স্বৰ্গদেউ চ্যুকাফাৰ বিকৃত প্ৰতিমূৰ্তি! বিভিন্নজনৰ প্ৰতিক্ৰিয়া

    আঞ্চলিক
    স্বৰ্গদেউ চ্যুকাফাৰ বিকৃত প্ৰতিমূৰ্তি! বিভিন্নজনৰ প্ৰতিক্ৰিয়া

    শিৱসাগৰ : শিৱসাগৰৰ নাজিৰাত চাওলুং চ্যুকাফাৰ প্ৰতিমূৰ্তিক লৈ বুৰঞ্জীবিদ আৰু সমাজ সচেতন ব্যক্তিৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। নাজিৰাত শুকুৰবাৰে সদৌ তাই আহোম ছাত্ৰ সন্থাৰ উদ্যোগত ৰাজ্য চৰকাৰৰ মন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাই উন্মোচন কৰে বৰ অসমৰ ভেটি গঢ়োঁতা স্বৰ্গদেউ চাওলুং চ্যুকাফাৰ প্ৰতিমূৰ্তি।





    আৰু পঢ়িব পাৰিব : ‘জাহাজ’ত উঠি নিৰ্বাচনী বৈতৰণী পাৰ হ’ব জাতীয় পৰিষদে!





    কিন্তু স্বৰ্গদেউ চ্যুকাফাৰ মুখৰ অৱয়ব তথা ইয়াৰ আকৃতিক লৈ এতিয়া সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। আহোম স্বৰ্গদেউজনাৰ একপ্ৰকাৰ বিকৃত প্ৰতিমূৰ্তি স্থাপন কৰা বুলি বিভিন্নজনে ছ’চিয়েল মিডিয়াত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।





    আৰু পঢ়িব পাৰিব : ‘ডিনাৰ ৰাজনীতি’ : আজমলৰ বাসভৱনত তেজস্বী যাদৱৰ নৈশ ভোজন





    চাওলুং চ্যুকাফাৰ প্ৰতিমূৰ্তিৰ মুখৰ অৱয়ব নিখুঁট নোহোৱা তথা সিংহাসনৰ পৰিৱৰ্তে প্ৰতিমূৰ্তিটো এখন সাধাৰণ চকীতহে স্থাপন কৰাৰ লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। সদৌ তাই আহোম ছাত্ৰ সন্থালৈ চাওলুং চ্যুকাফাৰ প্ৰতিমূৰ্তি নিখুটকৈ পুনৰ নিৰ্মাণ কৰিবলৈ আহ্বান জনাইছে এইসকল লোকে।