National
A combative Rahul Gandhi slammed Prime Minister Narendra Modi a day after the main opposition leader was disqualified from parliament. Gandhi claimed...
Digital Desk: A combative Rahul Gandhi slammed Prime Minister Narendra Modi a day
ট’কিঅ’ : মঙলবাৰে ভাৰত আৰু বেলিজয়ামৰ মাজত পুৰুষ হকীৰ ছেমি ফাইনেল খেলখন অনুষ্ঠিত হয়। ৰোমাঞ্চকৰ খেলখনত বেলজিয়ামে ৫-২ গ’লৰ ব্যৱধানত জয়লাভ কৰে। খেলৰ প্ৰথম কোৱাৰ্টাৰত ভাৰতে ২-১ গ‘লৰ অগ্ৰগতি লয়। ভাৰতৰ হৈ হাৰ্ডিক আৰু মনদ্ৱীপে গ’ল দিবলৈ সক্ষম হয়। দ্ৱিতীয়তো কোৱাৰ্টাৰত বেলজিয়ামৰ প্ৰভূত্ব অটুত থাকে আৰু খেলখনত সমতা স্থাপন কৰিবলৈ সক্ষম হয়। পেনাল্টি শ্বটত বেলজিয়ামৰ হৈ আলেকজেণ্ডাৰ হেনৰিকছে নিৰ্ণায়ক গ’লটো দিয়ে।
খেলৰ তৃতীয়টো কোৱাৰ্টাৰত গ’ল শূণ্যকৈ সামৰণি পৰে। খেলৰ চতুৰ্থটো কোৱাৰ্টাৰত পেনাল্টি শ্বটত আলেকজেণ্ডাৰ হেনিৰকচৰ গ’লেৰে ৩-২ৰ অগ্ৰগিত লয়। প্ৰত্যাৱৰ্তনৰ বাবে ভাৰতে সংগ্ৰাম অব্যাহত ৰাখে। কিন্তু পেনাল্টিৰ বৰ্ষাই ভাৰতক বিপদত পেলাইছিল আৰু পেনাল্টি শ্বটত হেনিৰকচে পুনৰ গ’ল দিয়ে। ৪-২ৰ অগ্ৰগতি লাভ কৰাৰ পাছত ভাৰতৰ প্ৰত্যাৱৰ্তন অসম্ভৱ হৈ পৰে। সুদীৰ্ঘ ৪১ বছৰ পাছত ভাৰতীয় হকী দলে ছেমি ফাইনেললৈ যোগ্যতা অৰ্জন কিৰিছল। কিন্তু অলিম্পিকৰ স্বৰ্ণ জয়ৰ ঐতিহাসিক সপোন সপোন হৈয়ে ৰ’ল।
অৱশ্যে , ব্ৰঞ্জ পদক অৰ্জনৰ বাট এতিয়াও খোলা আছে। জাৰ্মানী-অষ্ট্ৰেলিয়াৰ মাজত হ’বলগীয়া দ্ৱিতীয় ছেমি ফাইনেলত পাৰস্ত হোৱা দলৰ সৈতে ব্ৰঞ্জৰ পদক অৰ্জনৰ বাবে পৰৱৰ্তী যুঁজত অৱতীৰ্ণ হ’ব ভাৰত।
উল্লেখ্য যে, ৰিঅ’ অলিম্পিকৰ পাছত ভাৰত আৰু বেলজিয়াম মুঠ ১৬বাৰ সমুখ-সমৰত অবতীৰ্ণ হৈছিল। দুয়োটা দলে ৬বাৰকৈ জয় লাভ কৰিছে। ৪খন খেল ড্ৰ হৈছিল।
Leave A Comment