National
Mr Adani, who controls a conglomerate that includ
ট’কিঅ’: ট’কিঅ’ অলিম্পিকত সোমবাৰে ভাৰতীয় মহিলা হকী দলে ৰচিলে ইতিহাস। বিশ্বৰ দ্বিতীয় শ্ৰেষ্ঠ দল অষ্ট্ৰেলিয়াক ১-০ গ’লত পৰাভূত কৰি ভাৰতীয় মহিলা হকী দলে অলিম্পিকত প্ৰথমবাৰৰ বাবে ছেমি ফাইনেলত উপনীত হয়। উল্লেখ্য যে, গুৰজিৎ কৌৰে পেনাল্টি কৰ্ণাৰৰ পৰা ভাৰতৰ হৈ একমাত্ৰ গ’লটোৰ বাবে ভাৰতে ২০২০ ট’কিঅ’ অলিম্পিকৰ অন্তিম ৪-লৈ উন্নীত হৈছিল।
সোমবাৰে গুৰজিৎ কৌৰৰ গ’লৰ মান ৰাখিলে ভাৰতীয় মহিলা হকী দলে।অষ্ট্ৰেলিয়াই ভাৰতৰ বিৰুদ্ধে খেলখনত ফেভাৰিট হিচাপে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছিল। অষ্ট্ৰেলিয়াই গ্ৰুপ তালিকাত শীৰ্ষস্থান দখল কৰিছিল। ইফালে, গ্ৰুপ পৰ্যায়ত আয়াৰলেণ্ড (২-১) আৰু দক্ষিণ আফ্ৰিকাৰ (৪-৩) বিৰুদ্ধে অন্তিম ২খন খেলত আকৰ্ষণীয় প্ৰত্যাৱৰ্তন কৰাৰ পূৰ্বে ভাৰতে তেওঁলোকৰ প্ৰথম ৪খন মেচ হেৰুৱাইছিল। প্ৰত্যাশাৰ বিপৰীতে, ভাৰতৰ বিৰুদ্ধে অষ্ট্ৰেলিয়াই এক আক্ৰমণাত্মক আৰম্ভণি কৰিছিল, খেলৰ আৰম্ভণিত প্ৰায় আগবাঢ়ি গৈছিল অষ্ট্ৰেলিয়া।
ভাৰতেও শৃংখলাবদ্ধ প্ৰতিৰক্ষাৰে অষ্ট্ৰেলিয়াৰ আক্ৰমণ প্ৰতিহত কৰিছিল। অন্তিম কোৱাৰ্টাৰত, অষ্ট্ৰেলিয়াই বেছিভাগ বলত আধিপত্য বিস্তাৰ কৰিছিল। বৃত্তৰ ভিতৰত অষ্ট্ৰেলিয়াৰ সংগ্ৰাম অব্যাহত থকাৰ লগে লগে ভাৰতীয় মহিলা হকী দলে কোৱাৰ্টাৰৰ আৰম্ভণিতে ২ পেনাল্টি কৰ্ণাৰ ৰক্ষা কৰিছিল। অন্তিম ৩মিনিটত, অষ্ট্ৰেলিয়াই ২ পেনাল্টি কৰ্ণাৰ লাভ কৰিছিল যদিও ভাৰতৰ শৃংখলাবদ্ধ প্ৰতিৰক্ষাৰ বাবে ব্যৰ্থ হৈছিল অষ্ট্ৰেলিয়া।
ভাৰতীয় হকী দলটোৱে ৩বাৰৰ বিশ্ব চেম্পিয়ন অষ্ট্ৰেলিয়াৰ সকলো আক্ৰমণ প্ৰতিহত কৰি প্ৰথমবাৰলৈ ট’কিঅ’ অলিম্পিকৰ ছেমিফাইনেলত অৱতীৰ্ণ হয়।
Leave A Comment