• স্ব-গৃহলৈ আহিছে অলিম্পিক পদকজয়ী লাভলীনা !

    আঞ্চলিক
    স্ব-গৃহলৈ আহিছে অলিম্পিক পদকজয়ী লাভলীনা !

    গোলাঘাট: আজি স্ব-গৃহলৈ আহিছে অলিম্পিক পদকজয়ী লাভলীনা বৰগোহাঁই৷ লাভলীনাক আদৰিবলৈ বৰপথাৰবাসীয়ে ব্যাপক প্ৰস্তুতি সম্পন্ন কৰিছে৷ চৌদিশে লাভলীনাৰ আদৰণিৰ বেনাৰ-পোষ্টাৰে ভৰি পৰিছে৷ প্ৰায় উছৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে বৰপথাৰৰ বাৰমুখীয়াৰ বাসগৃহত৷





    ঢোলে-ডগৰে লাভলীনাক আদৰিবলৈ সাজু হৈছে অঞ্চলবাসী৷ লাভলীনাৰ ঘৰৰ চোতাল আৰু বৰপথাৰ হাইস্কুল খেলপথাৰতো সজা হৈছে সু-দৃশ্য পেণ্ডেল৷ আজি ২ বজাত ডিমাপুৰৰ বিমান বন্দৰত উপস্থিত হ’ব লাভলীনা৷





    বিমান বন্দৰৰ পৰা বাইক ৰেলীৰে আদৰি অনা হ’ব লাভলীনাক৷ সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকিব কেইবাজনো মন্ত্ৰী-বিধায়ক৷