• স্মৃতিদিৱসত ভীমবৰ দেউৰীক স্মৰণ : সলনি হৈছে অসমৰ জনগাঁথনি

    আঞ্চলিক
    স্মৃতিদিৱসত ভীমবৰ দেউৰীক স্মৰণ : সলনি হৈছে অসমৰ জনগাঁথনি

    ডিজিটেল ডেস্ক: সম্প্ৰতি অসমৰ জাতীয় জীৱনক সংকটৰ ছায়াই আৱৰি ৰাখিছে। জনগাঁথনি আৰু ভাষাগত বিষয়ে যুগে যুগে প্ৰভাৱিত কৰি ৰাখিছে অসমৰ সমাজ-ৰাজনীতিক। অসমলৈ চলি থকা প্ৰব্ৰজনে সলনি কৰি পেলাইছে অসমৰ জনগাঁথনিৰ বিন্যাস৷ অসমত প্ৰব্ৰজনৰ এক দীঘলীয়া ইতিহাস আছে৷ প্ৰথমাৱস্থাত অসমলৈ প্ৰব্ৰজন কৰা ক্ষুদ্ৰ জনসমষ্টিবোৰে অসমৰ জনগাঁথনি অথবা ভাষাগত বিষয়ক প্ৰভাৱান্বিত কৰিব পৰা নাছিল৷ পৰৱৰ্তী সময়ত এই প্ৰব্ৰজনে ভূমিৰ ওপৰত প্ৰভাৱ পেলাবলৈ আৰম্ভ কৰিলে৷






    যাৰ ফলত অধিক ক্ষতিগ্ৰস্ত হ’ল অসমৰ জনজাতীয় জনগোষ্ঠীবোৰ৷ আকৌ, অসমৰ সামাজিক বান্ধোন আৰু জনগাঁথনিক তচনচ কৰি পেলোৱা প্ৰব্ৰজন ঘটিবলৈ ল’লে বাংলাদেশৰ পৰা৷ অৱশ্যে, দেশ বিভাজনৰ পূৰ্বে অসমলৈ হোৱা প্ৰব্ৰজন বিদেশীভিত্তিক সমস্যা হৈ উঠা নাছিল৷ আন্তঃপ্ৰাদেশিক প্ৰব্ৰজনসৃষ্ট সমস্যাহে আছিল। এই প্ৰব্ৰজনে অসমৰ খেতি-মাটিৰ ওপৰত আনিলে তীব্ৰ প্ৰত্যাহ্বান৷ এইক্ষেত্ৰত প্ৰাথমিক প্ৰত্যাহ্বানটো হৈছিল অসমৰ জনজাতীয় লোকসকলৰ বসতিপ্ৰধান অঞ্চলবোৰত। কিয়নো, জনজাতীয়সকলে স্থায়ী পট্টাৰ সমস্যাত ভুগিছিল৷





    স্থায়ী পট্টা নোহোৱা বাবে জনজাতীয় লোকসকলে বাস কৰা ভূমি বাহিৰৰ পৰা আহি দখল কৰিছিল প্ৰব্ৰজনকাৰীয়ে৷ যাৰ ফলত ক্ষোভিত হৈ পৰিছিল জনজাতীয় লোকসকল৷ ক্ষোভিত হ’লেও তেওঁলোকৰ ক্ষোভ-বেদনাক চৰকাৰৰ ওচৰত উপস্থান কৰাবলৈ তেওঁলোক নেতৃত্বহীনতাৰ মুখামুখি হৈছিল৷ আৰু তেওঁলোকৰ সমস্যা, অধিকাৰ আৰু স্বাভিমান ৰক্ষা কৰিবলৈ আগবাঢ়ি আহিছিল এগৰাকী বলিষ্ঠ নেতা৷ নামঃ ভীমবৰ দেউৰী৷ প্ৰব্ৰজনে ভৱিষ্যতৰ অসমত কেনে সমস্যাৰ সৃষ্টি অসমত কৰিবগৈ, তাক বলিষ্ঠ কণ্ঠ আৰু দৃঢ়তাৰে অসম বিধান পৰিষদত উপস্থাপন কৰি, তাৰ সমাধানৰ বাবে আজীৱন সংগ্ৰামক সাৰথি কৰি ভীমবৰ দেউৰীয়ে কাম কৰি গৈছিল৷





    অসমৰ জনজাতিসকলক সংগঠিত কৰিবলৈ ভীমবৰ দেউৰীৰ নেতৃত্বত গঠন হৈছিল ‘অসম ট্ৰাইবেল লীগ’৷ বৰ্ণবৈষম্যৰ বিৰুদ্ধে অসমত প্ৰথম প্ৰতিবাদী সংগ্ৰাম আৰম্ভ হৈছিল ভীমবৰ দেউৰীৰ নেতৃত্বতেই। অসমৰ জনজাতিসকলৰ সম-অধিকাৰৰ সংগ্ৰামখনৰ তেওঁ আছিল মিছিলৰ সমুখত৷ অসমৰ জনজাতীয় লোকসকল যে অসমীয়া জাতিৰ অভিন্ন অংগ- এই ঘোষণা তেওঁ সাহসেৰে কৰিছিল আৰু দেশৰ স্বাধীনতা আন্দোলনলৈ সহায়ৰ হাত আগবঢ়াইছিল৷ ভীমবৰ দেউৰীৰ নেতৃত্ব দিব পৰা গুণৰ বাবেই লোকপ্ৰিয় গোপীনাথ বৰদলৈয়ে ‘জননেতা’ বুলি আখ্যা দিছিল৷





    গ্ৰুপিঙৰ সময়ত পূব পাকিস্তানত (এতিয়াৰ বাংলাদেশ)ত অসমক অন্তৰ্ভুক্ত নোহোৱাৰ পৰা বচোৱা অসমহিতৈষীসকলৰ অন্যতম আছিল ভীমবৰ দেউৰী। অসমৰ জাতীয় জীৱনক নিজৰ চিন্তা আৰু কৰ্মৰে সমৃদ্ধ কৰি যোৱা জননেতাগৰাকী চিন্তা, আদৰ্শ, দৰ্শনৰ উচিত মূল্যায়ন হোৱাতো বৰ্তমান সময়ত অত্যন্ত প্ৰাসংগিক বিষয়৷ অসমৰ স্বাভিমান আৰু ৰাজ্যখনৰ খিলঞ্জীয়া নাগৰিকৰ অস্তিত্বৰ প্ৰশ্নত ভীমবৰ দেউৰীয়ে গ্ৰহণ কৰা ভূমিকা প্ৰতিগৰাকী অসমীয়াই যুগে যুগে সোঁৱৰণ কৰিব৷ আজি স্মৃতি দিৱসৰ পৱিত্ৰ ক্ষণত আমি প্ৰাগ পৰিয়ালেও ভীমবৰ দেউৰীক শ্ৰদ্ধাৰে সুঁৱৰিছোঁ৷