Automobiles
The Jimny has a 1.5-litre petrol engine and may be purchased through a subscription plan for an all-inclusive monthly charge starting at 33,550.
ৰঙিয়া : ৰঙিয়া ষ্টেচনত বুধবাৰে এছএছবি-আৰপিএফৰ অতৰ্কিত অভিযান। অভিযানত মানৱ সৰবৰাহকাৰীৰ কৱলৰ পৰা শিশু-কিশোৰীসহ ৩ গৰাকীক উদ্ধাৰ কৰাৰ লগতে আটক কৰে এজন সৰবৰাহকাৰীক। ধৃত সৰবৰাহকাৰীজন হৈছে পশ্চিমবংগৰ মালদহৰ গৌতম সৰকাৰ। উদ্ধাৰ হোৱা আটাইকেইজনৰ ঘৰ বাকসা জিলাৰ অন্তৰ্গত গুৱাবাৰীত বুলি জানিব পৰা গৈছে।
বুধবাৰে দিনৰ ভাগত ৰঙিয়া ষ্টেচনত এছএছবিয়ে গোপন সূত্ৰৰ ভিত্তিত আৰপিএফৰ সহযোগত অভিযান চলাই এগৰাকী কিশোৰী, এগৰাকী মহিলা আৰু তেওঁৰ ৪ বছৰীয়া পুত্ৰ সন্তানক উদ্ধাৰ কৰে। লগতে মানৱ সৰবৰাহৰ লগত জড়িত থকাৰ অভিযোগত মালদাহৰ গৌতম সৰকাৰক আটক কৰে। সৰবৰাহকাৰীয়ে বিভিন্ন প্ৰলোভনেৰে বহিঃৰাজ্যলৈ নিবলৈ ওলোৱা মুহূৰ্তত উদ্ধাৰ কৰা হয়।
উল্লেখ্য যে, লকডাউনৰ সময়তো দৰিদ্ৰতাৰ সুযোগলৈ এচাম পৰিয়ালৰ কিশোৰ-কিশোৰীক মানৱ সৰবৰাহকাৰী চক্ৰই এনেদৰে বহিঃৰাজ্যত বিক্ৰী কৰি আহিছে বুলি অভিযোগ উত্থাপিত হৈছে।
Leave A Comment