• সৰস্বতী পূজাৰ নিশা মহানগৰীৰ পাণবজাৰত উত্তপ্ত পৰিস্থিতি

    আঞ্চলিক
    সৰস্বতী পূজাৰ নিশা মহানগৰীৰ পাণবজাৰত উত্তপ্ত পৰিস্থিতি

    গুৱাহাটী : সৰস্বতী পূজাৰ নিশা মহানগৰীৰ পাণবজাৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ কটনৰ শিক্ষাৰ্থী আৰু ব্যৱসায়ীৰ মাজত সংঘাত৷ যাৰ পৰিপ্ৰেক্ষিতত কটনৰ ছাত্ৰই প্ৰহাৰ কৰিলে ব্যৱসায়ীক৷ তাৰপাছতেই পৰিস্থিতি অধিক উত্তপ্ত হৈ উঠে৷





    আৰু পঢ়িব পাৰিব : ১১বছৰীয়া কিশোৰীক ধৰ্ষণৰ চেষ্টা ৪০ বছৰীয়াৰ





    পাছত হাতে হাতে লাঠি লৈ ওলাই আহিল কটনৰ একাংশ ছাত্ৰ৷ পাণবজাৰৰ ‘DELHI-6’ নামৰ এখন ৰেস্তোৰাঁত এই ঘটনা সংঘটিত হয়৷ ৰেস্তোৰাঁৰ মালিক আৰু কৰ্মীক নিৰ্মম প্ৰহাৰ কৰে ছাত্ৰসকলে৷ উদণ্ড শিক্ষাৰ্থীয়ে লণ্ডভণ্ড কৰিলে ৰেস্তোৰাঁখন৷





    আৰু পঢ়িব পাৰিব : শ্ৰীমন্ত শংকৰদেৱ সত্ৰৰ সত্ৰাধিকাৰ হৰেকৃষ্ণ মহন্তলৈ কনকলতা বঁটা





    আহত স্বত্বাধিকাৰীজনক MMCHত ভৰ্তি হয়৷ ইতিমধ্যেই এই ঘটনাৰ সন্দৰ্ভত পাণবজাৰ থানাত এজাহাৰ দাখিল কৰিছে ৰেস্তোৰাঁখনৰ স্বতাধিকাৰীজনে।