• হত্যাকাণ্ড! ‘গৰু চোৰ’ বুলি জোকোৱাই ভুল এটি শিশুৰ

    আঞ্চলিক
    হত্যাকাণ্ড! ‘গৰু চোৰ’ বুলি জোকোৱাই ভুল এটি শিশুৰ

    ডিজিটেল ডেস্ক : অপৰাধৰ কোনো মুখা নাই৷ অপৰাধী মনে নিঃশেষ কৰিব পাৰে সকলো৷ তেনে এক মৰ্মান্তিক ঘটনাই সংঘটিত হৈছে বকোত৷ গৰু চোৰ বুলি জোকোৱাৰ বাবে এটি শিশুক হত্যা কৰি দ-গাঁতত পেলাই দিয়ে৷ আঠদিনৰ পাছত মৃতদেহ বিছাৰি পোৱাত পোহৰলৈ আহে সমগ্ৰ ঘটনা৷ হত্যাকাৰীসহ দুজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে৷ বকোৰ লামপাৰা কেকোপাৰাত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা।

    অৰ্ধদগ্ধ অৱস্থাত উদ্ধাৰ হয় এটি প্ৰায় সাত বছৰীয়া শিশুৰ মৃতদেহ। বিগত ২০ছেপ্টেম্বৰৰ পৰা নিৰুদ্দিষ্ট হৈ আছিল শিশুটি। নিজ গৃহৰ পৰা প্ৰায় ৪০০ মিটাৰ দুৰৈত এটা গাঁতত পিতৃয়ে প্ৰত্যক্ষ কৰে অৰ্ধদগ্ধ মৃতদেহটো। লগে লগে ঘটনাস্থলীত বকো আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰে৷ নিশাই দুজন লোকক গ্ৰেপ্তাৰ কৰে বকো আৰক্ষীয়ে৷

    আৰক্ষীয়ে আটক কৰা লোকজন হ’ল দিপাংকৰ দাস৷ আৰক্ষীৰ জেৰাত শিশুটিক হত্যা কৰাৰ কথা স্বীকাৰ কৰে দিপাংকৰ দাসে৷ ইপিনে ঘটনাৰ সৈতে জড়িত দ্বিজেন বড়ো নামৰ আন এজন লোকক একেনিশাই গ্ৰেপ্তাৰ কৰে৷ গৰু চোৰ বুলি জোকোৱাৰ বাবেই শিশুটিক হত্যা কৰা বুলি স্বীকাৰ কৰে লোককেইজনে৷