• হত্যা নে আত্মহত্যা: চিপ লৈ থকা অৱস্থাত উদ্ধাৰ গাড়ী চালক

    আঞ্চলিক
    হত্যা নে আত্মহত্যা: চিপ লৈ থকা অৱস্থাত উদ্ধাৰ গাড়ী চালক

    ডিজিটেল ডেস্ক : অপৰাধৰ ৰম্যভূমিলৈ পৰিণত হৈছে গুৱাহাটী মহানগৰী৷ কেতিয়াবা যদি নৰখাদকৰ ৰূপত মডেল ৰাজকন্যা৷ কেতিয়াবা আকৌ ঘাটকৰ ৰূপত বিশ্বাসী লগুৱা৷ এইবাৰ মহানগৰীৰ হাতীগাঁৱত এটা কোঠাৰ ভিতৰত উদ্ধাৰ হৈছে মৃতদেহ৷ উদ্ধাৰ হোৱা মৃত যুৱকজনৰ নাম ৰূপজ্যোতি ডেকা । জানিব পৰা মতে, যুৱকজনৰ ঘৰ নগাঁৱৰ বটদ্ৰৱাত । ফেনত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হৈছে ২৪ বছৰীয়া ৰূপজ্যোতি ডেকাৰ মৃতদেহ ।বিজেপিৰ সংখ্যালঘু মৰ্চাৰ সদস্য গুলজাৰ হুছেইনৰ গাড়ী চালক হিচাপে কৰ্মৰত আছিল ৰূপজ্যোতি ৷ ঘটনাটো হত্যাকাণ্ড নে আত্মহত্যা এতিয়াও ৰহস্যৰ আৱৰ্তত ।





    শেহতীয়াকৈ প্ৰকাশ কৰা তথ্য অনুসৰি, ৰূপজ্যোতি ডেকা  ঘৰৰ পৰা আহোতে কিছু চিন্তাত আছিল । তিনি দিন মান পূৰ্বে ঘৰৰ পৰা উভতিছিল যুৱকজন। উল্লেখ্য যে, হাতীগাঁৱৰ লক্ষ্মীনাথ বেজবৰুৱা পথত সংঘটিত হৈছে এই ঘটনাটো। লক্ষ্মীনাথ বেজবৰুৱা পথত থকা ভাড়াঘৰৰ কোঠাতে মৃত অৱস্থাত উদ্ধাৰ হয় যুৱকগৰাকী৷ ইতিমধ্যে আৰক্ষীয়ে এই ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে৷ পৰিবৰ্তি সময়তহে আৰক্ষীৰ তদন্তৰ ভিত্তিত ভেদ হ'ব প্ৰকৃত ৰহস্য৷