• হত্যা নে আন কিবা : মহানগৰীত উদ্ধাৰ এজন ব্যক্তিৰ মৃতদেহ

    আঞ্চলিক
    হত্যা নে আন কিবা  : মহানগৰীত উদ্ধাৰ এজন ব্যক্তিৰ মৃতদেহ

    গুৱাহাটী : মহানগৰীৰ মালিগাঁৱত চাঞ্চল্যকৰ ঘটনা৷ বৃহস্পতিবাৰে মাজনিশা পাণ্ডু কেবিন অঞ্চলত উদ্ধাৰ হয় এজন ব্যক্তিৰ মৃতদেহ৷ মৃত ব্যক্তিজনৰ নাম জয় গোপাল মণ্ডল বুলি জানিব পৰা গৈছে৷ মৃত জয় গোপাল মণ্ডল পেছাত এজন মিস্ত্ৰী ৷





    তেওঁৰ ঘৰ হোজাইত৷ ঘটনাস্থলীত উপস্থিত জালুকবাৰী আৰক্ষী থানাৰ এটা দল৷ আৰক্ষীৰ দলটোৱে মৃতদেহটো চমজি লৈ তদন্ত আৰম্ভ কৰিছে৷ এইয়া হত্যা নে আন কিবা সেইয়া বৰ্তমানলৈকে নিশ্চিত হোৱা নাই৷ ঘটনা সন্দৰ্ভত সোধা-পোছা কৰিবলৈ আৰক্ষীয়ে ব্যক্তিজনৰ তিনিজন বন্ধুক আটক কৰিছে৷ আৰক্ষীৰ তদন্ততহে সকলো তথ্য পোহৰলৈ আহিব ৷ ৰে'ল লাইনৰ সমীপৰ এটা মন্দিৰৰ কাষত ব্যক্তিজনৰ মৃতদেহ উদ্ধাৰক লৈ‌ অঞ্চলজুৰি সৃষ্টি হয় চাঞ্চল্যৰ৷