National
ট’কিঅ’ : বৰপথাৰৰ পৰা বিশ্বক্ৰীড়াৰ বৰঘৰত চমকৰ ভমক দেখুওৱা লাভলীনা বৰগোহাঁই আজি ছেমি ফাইনেলত অৱতীৰ্ণ হ’ব। খেল আৰম্ভণিৰ পূৰ্বে সমোচ্চৰে সকলোৱে চিঞৰিছে-‘মাৰ ঘোচা লাভলীনা।‘ ঐতিহাসিক ছেমি ফাইনেলত লাভলীনাৰ প্ৰতিদ্বন্দ্বী তুৰস্কৰ বক্সাৰ বুছেনাজ ছুৰমেনেলি। খেলখন পুৱা ১১বজাত অনুষ্ঠিত হ’ব। বিশ্বৰ প্ৰথমগৰাকী বক্সাৰক থকা-সৰকা কৰা লাভলীনাৰ প্ৰচণ্ড প্ৰহাৰত দ্বিতীয় ৰেংকিঙত থকা ছুৰমেনেলিয়ে কিমান পৰ তিস্তিব পাৰে সেয়া সময়ে ক’ব। কিন্তু অসম জীয়ৰী লাভলীনা থমকি ছেমি ফাইনেলত থমকি ৰোৱা বক্সাৰ নহয়।
বিগত প্ৰদৰ্শনবোৰে ইয়াৰ নিদৰ্শন তুলি ধৰিছে। চীনৰ টাইপেইক বিপুল ব্যৱধানত পৰাভূত কৰি স্বাভাৱিকতে আত্মবিশ্বাসী লাভলীনা। অলিম্পিকত লাভলীনাৰ পদক জয় নিশ্চিত; অপেক্ষা মাথো পদকৰ ৰং সোলোৱাৰ। এই আকাশচুম্ৱী কৃতিত্বৰ বাবে প্ৰতি মুহূৰ্ততে সতৰ্ক থাকিব লাগিব লাভলীনাই। প্ৰতিপক্ষৰ ‘পাঞ্চ’ প্ৰতিহত কৰি গুজৰি উঠিব লাগিব, জিকিবও লাগিব।
উল্লেখ্য যে, ২০০৮ চনত বিশ্বদৰবাৰত ভাৰত আৰু ভাৰতীয়ৰ নাম উজলাই বিজেন্দ্ৰ সিঙে অলিম্পিকৰ প্ৰথমটো পদকত চুমুক দিছিল। পৰৱৰ্তী সময়ত দ্বিতীয়তো পদকৰ সোৱাদ দিছিল ‘পাঞ্চিং কুইন’ মেৰীকমে। চলিত অলিম্পিকত মেৰীকমৰ ঐতিহাসিক বিদায়ে আশাহত কৰিছিল দেশবাসীক। বেদনাৰ প্ৰতিধ্বনি নিৰ্বাপিত কৰিবলৈ আগবাঢ়িছে লাভলীনাই। ৯বছৰৰ দীৰ্ঘ প্ৰতীক্ষাৰ অন্তত দেশবাসীক তৃতীয়টো পদকৰ সোৱাদ দিবলৈ সক্ষম হৈছে অসম জীয়ৰী লাভলীনাই। ব্ৰঞ্জতে ঐতিহাসিক ইতিহাসৰ ইতিৰেখা টানিব বিচৰা নাই লাভলীনাই। স্বৰ্ণ জয়েৰে সোণালী সুহুৰি মৰাৰ দুৰ্বাৰ হেপাঁহ লাভলীনাৰ। লাভলীনাৰ এই পদধ্বনি নাম ৰৈ বৈ যাওক। নাম-প্ৰসংগ,পূজা-অৰ্চনাৰে লাভলীনাৰ সফলতাৰ কামনা কৰিছে অসম আৰু অসমীয়াই। অলিম্পিকৰ মঞ্চত অসমৰ শৌৰ্য-বীৰ্য-প্ৰতিভাৰ স্বাক্ষৰ বহনকাৰী লাভলীনাৰ স্বপ্নপূৰ্ণ হওক আমি তাৰেই আশা কৰিছোঁ…
Leave A Comment