• হাজোত উন্মোচন মাহেকীয়া আলোচনী ‘পোহৰ’

    আঞ্চলিক
    হাজোত উন্মোচন মাহেকীয়া আলোচনী ‘পোহৰ’

    হাজোঃ হাজোৰ সাহিত্য জগতলৈ সুখবৰ! এটি পুথিভঁৰালৰ লগতে এখন বিনামূলীয়া মাহেকীয়া আলোচনীয়ে হাজোৰ শিক্ষা আৰু সাহিত্য জগতলৈ নতুন দিগন্তৰ সূচনা কৰাৰ আশা প্ৰকাশ সচেতন মহলে। বিশিষ্ট নিৱন্ধকাৰ দীনমণি ভাণ্ডাৰ কায়স্থ আৰু কবি প্ৰণৱ কুমাৰ বৰ্মনে উন্মোচন কৰে ‘পোহৰ’ নামৰ মাহেকীয়া আলোচনীখন।‌





    শিক্ষক আলী আকবৰৰ স্মৃতিত হাজোৰ আধিয়াপাৰাত মুকলি কৰা হয় এটি গ্ৰন্থাগাৰ। এই গ্ৰন্থাগাৰটোত নৱম শ্ৰেণীৰপৰা স্নাতক পৰ্যায়ৰ সকলো ছাত্ৰ-ছাত্ৰীৰ বাবে থাকিব বিনামূলীয়াকৈ কিতাপ পোৱাৰ ব্যৱস্থা। ‘পোহৰ’ৰ উন্মোচনী অনুষ্ঠানত দীনমণি ভাণ্ডাৰ কায়স্থৰ ‘অসমীয়া মাহেকীয়া আলোচনী আৰু পঢ়ুৱৈ সমাজ’ শীৰ্ষক আলোকপাতে মোহিত কৰে সকলোকে।





    একেদৰে কবি প্ৰণৱ কুমাৰ বৰ্মনৰ কবিতা আবৃত্তি শুনি নস্তালজিক হৈ পৰিল হাজোৰ বহু সাহিত্যানুৰাগী।