• হাজোৰপৰা প্ৰকাশ পালে ‘ডায়েৰী: দ্য লকডাউন টাইম’

    আঞ্চলিক
    হাজোৰপৰা প্ৰকাশ পালে ‘ডায়েৰী: দ্য লকডাউন টাইম’

    হাজোঃ লকডাউনৰ সময়ছোৱাত কিদৰে চলিছিল হাজোৰ সাংবাদিক, সাহিত্যিক, সমাজসেৱী তথা প্ৰভাৱশালী লোকসকল? কিদৰে আৰ্তজনৰ কাষত থিয় দিছিল? এই সকলো বিষয় সামৰি হাজোৰপৰা প্ৰকাশ পালে ‘ডায়েৰী: দ্য লকডাউন টাইম’।





    আৰু পঢ়িব পাৰিব : তিনিদিনীয়া কাৰ্যসূচীৰে অসমলৈ নিৰ্বাচন আয়োগৰ দল, কেইবাখনো গুৰুত্বপূৰ্ণ বৈঠক





    হাজোৰ ৰামদিয়াৰ প্ৰেক্ষাগৃহত গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট সাহিত্যিক, সমাজসেৱী দীনমণি ভাণ্ডাৰ কায়স্থই। অনুষ্ঠানত আন দুখন গ্ৰন্থ ক্ৰমে ‘শব্দৰ বৰষুণ’ আৰু ‘কলঙৰ প্ৰেয়সী’ উন্মোচন কৰা হয়।





    আৰু পঢ়িব পাৰিব : ভিক্ষাৰ ধনৰ ভাগ-বটোৱাৰাক লৈ হোজাইত লোমহৰ্ষক হত্যাকাণ্ড





    ‘ডায়েৰী: দ্য লকডাউন টাইম’ৰ সম্পাদনা অৰূপ কাকতীৰ। কিতাপখনে লকডাউনৰ সময়ছোৱাৰ হাজোৰ জনজীৱনৰ জীৱনশৈলীৰ আভাষ দিৱলৈ সক্ষম হ’ব বুলি আশাপ্ৰকাশ কৰে উন্মোচক দীনমণি ভাণ্ডাৰ কায়স্থই।