National
Rahul Gandhi remarked on Prime Minister Narendra Modi's surname in Kolar, Karnataka, in 2019...
হাজোঃ বানপানী আৰু দৰিদ্ৰতাই কোঙা কৰিছে হাজোৰ বাগটা অঞ্চলৰ বহু পৰিয়ালক। বাৰিষাকালত প্ৰায়ে বিশুদ্ধ খোৱাপানীৰ অভাৱত বিভিন্ন ৰোগত আক্ৰান্ত হয় বাগটাবাসী। কিন্তু এতিয়াৰেপৰা বিশুদ্ধ খোৱাপানীৰ অভাৱ নহয় বুলি আশাবাদী বাগটাবাসী। কিয়নো বাগটাৰ ৬০০পৰিয়ালক সামৰি লোৱা ‘জলজীৱন মিছন আঁচনি’খন মুকলি কৰে হাজোৰ বিধায়িকা সুমন হৰিপ্ৰিয়াই।
বিধায়িকাক মুকলি অনুষ্ঠানত সহযোগ কৰে হাজো জনস্বাস্থ্য কাৰিকৰী উপ-সংমণ্ডলৰ সহকাৰী কাৰ্যবাহী অভিযন্তা মুকুট বৰ্মন আৰু সহকাৰী অভিযন্তা অমৰেন্দ্ৰ পাঠকে। এই আঁচনিখন মুকলি হোৱাৰ ফলত অন্ততঃ বাৰিষাকালত বাগটাত খোৱাপানীৰ সমস্যা দূৰ হ'ব আৰু বাগটাবাসী বিভিন্ন ৰোগৰ পৰা মুক্ত হ’ব বুলি আশাপ্ৰকাশ কৰে বিধায়িকা সুমন হৰিপ্ৰিয়াই।
উল্লেখ্য যে, এইবাৰ হাজোত মুঠ ৯৫টা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনত নতুনকৈ সংযোগ হৈছে ‘জলজীৱন মিছন আঁচনি’। যি আঁচনিয়ে হাজোৰ প্ৰতিটো পৰিয়ালৰ বিশুদ্ধ খোৱাপানীৰ অভাৱ পূৰণ কৰিব বুলি মন্তব্য কৰে বিধায়িকা সুমনে। তেওঁ লগতে সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত কয় যে, ‘ৰাজ্যত বিৰোধী নিজেই নোহোৱা হৈছে। বিৰোধীৰ বিধায়কসকল সমষ্টি উন্নয়নৰ স্বাৰ্থত নিজে নিজে কাষ চাপিছে বিজেপিৰ।’
Leave A Comment