Regional
ডিজিটেল ডেস্ক: নিয়তিয়ে ভালপোৱাৰ পৰীক্ষা কিদৰে লয় সেয়া কোনেও নাজানে। ইন্দ্ৰেশ্বৰ- ৰূপৰেখাৰ ভালপোৱাৰো পৰীক্ষা ল’লে নিয়তিয়ে। ভালপোৱাৰ কাহানিও ম্লান নপৰিবলগীয়া নিদৰ্শন ৰাখি ইন্দ্ৰেশ্বৰ বৰা গুচি গ’ল। তেওঁৰ প্ৰিয়তমা পত্নীয়ে ক’লে- - মানুহজনে, যোৱাৰ পৰতো মোক অনুভৱ কৰাই থৈ গ’ল মোৰ বাবে কিমান মৰম আছিল তেওঁৰ!
এয়াই প্ৰাপ্তি প্ৰেমিক ইন্দ্ৰেশ্বৰ বৰাৰ। ফেচবুক, হোৱাটছএপৰ এই যান্ত্ৰিক দুনিয়াত অতি সহজেই কাৰোবাক কৈ দিব পাৰি “তোমাৰ প্ৰতি মোৰ ভালপোৱা সন্দেহাতীত”! কন্তু সঁচাকৈয়ে সেই কথা প্ৰমাণ কৰা,প্ৰিয়জনক অনুভৱ কৰোৱা সহজ কাৰৱাৰ নহয়। ইন্দ্ৰেশ্বৰ বৰাই পাৰিলে, পত্নী ৰূপৰেখা বৰাৰ দৃষ্টিত তেওঁ হৈ ৰ’ল এই পৃথিবীৰ সফলতম প্ৰেমিক। যিকোনো প্ৰেমিক পুৰুষৰ বাবে নিসন্দেহে এয়া ঈৰ্ষণীয় প্ৰাপ্তি।
৮ ছেপ্টেম্বৰ অৰ্থাৎ সেই শোকাৱহ নাও দুৰ্ঘটনাৰ দিনা ইন্দ্ৰেশ্বৰ বৰা আৰু তেওঁৰ পত্নী ৰূপৰেখা সেনাপতি বৰা গৈছিল ঢেকীয়াখোৱা নামঘৰলৈ।আৰু ওভতনি যাত্ৰাতে সংঘটিত হৈছিল সেই হৃদয়বিদাৰক নাও দুৰ্ঘটনা। পানীত পৰি হেৰাই যাবলৈ ওলোৱা প্ৰিয়তমা পত্নীলৈ নিজৰ হাত আগুৱাই দি ইন্দ্ৰেশ্বৰ বৰাই কৈছিল- - “হাতখন দিয়া, হাতখন দিয়া। মোৰ বাবে চিন্তা নকৰিবা”।
পিছে ইন্দ্ৰেশ্বৰৰ দুহাত বিচাৰি বাট চাই আছিল আৰু অইন বহুজনেও।পত্নীৰ জীৱন ৰক্ষা কৰি উঠিয়েই ইন্দ্ৰেশ্বৰ নামি পৰিছিল সেই সকলৰ উদ্ধাৰকাৰ্যত। সকলোকে পাৰ্যমানে সহায় কৰি গ’ল তেওঁ। বহুকেইজনক নতুন জীৱন দিলে তেওঁ।পত্নীৰ দৃষ্টিত এতিয়া তেওঁ কেৱল এগৰাকী আদৰ্শ স্বামী, আদৰ্শ প্ৰেমিকেই নহয়, আদৰ্শ মানুহো।
ইন্দ্ৰেশ্বৰ বৰাৰ অবৈতনিক শিক্ষকতাৰ চাকৰিটোৰে চলি আছিল দুয়োৰে সংসাৰ। ভঁৰাল নাছিল যদিও আকালো নাছিল।ঘৰত আছিল ইন্দ্ৰেশ্বৰৰ ৰুগীয়া পিতৃ- মাতৃ আৰু ভনীয়েক। সিদিনাও ঘৰলৈ উভতিবলৈ বুলি দৌৰা দৌৰিকৈ নাওত আহি বহিছিল দুয়ো। ৰুগীয়া মাক-দেউতাকৰ চিন্তাই ঘৰ এৰি থাকিব নিদিয়ে দুয়োকে।সিদিনাৰ নাওখনৰ অৱস্থা দেখি ভাল লগা নাছিল ইন্দ্ৰেশ্বৰ বৰাৰ।তথাপি উপায় নাছিল, ঘৰলৈ সোনকালে উভতি অহাটো জৰুৰী। জৰজীৰ্ণ নাওখনত বহিও হেনো তেওঁ ৰূপৰেখাক কৈছিল- - - নাওখনৰ অৱস্থা ভাল নহয় দেই!
দুয়োৱে সিদিনা বহুদিনৰ মূৰত ঘৰৰ বাজ ওলাইছিল। নিমাতীঘাটত ফোটো উঠিছিল ৰূপৰেখাই। ইন্দ্ৰেশ্বৰে তুলিব বিচাৰিছিল এই পৃথিবীৰ সবাতোকৈ ধুনীয়া ফোটোখন।প্ৰিয় মানুহৰ ফোটোবোৰেই জানো নহয় সবাতোকৈ ধুনীয়া ফোটো!কিন্তু নিজে তোলা ৰূপৰেখাৰ সেই ফোটোখন দুনাই চাবলৈ নাপালে তেওঁ!
সিদিনা খবৰ আহিল ভাছা টাপুত উদ্ধাৰ হৈছে ইন্দ্ৰেশ্বৰ বৰাৰ মৃতদেহ! আৰু ইয়াৰ পিছতেই শোকৰ সৰগ ভাগি পৰিছে ৰূপৰেখাৰ মূৰত। “তুমি যোৱা” বুলি তেওঁক কৈ থৈ নিজে ভৰা লুইতৰ বুকুলৈ গুছি গ’ল তেওঁৰ মানুহজন! কিমান নিষ্ঠুৰ এই সময়। তেওঁৰ আপোনজন হেৰাই গ’ল, কাষৰ পৰা ক্ৰমশ: দূৰ হৈ গ’ল। শেষত এটা নেদেখা বিন্দুত স্মৃতি হৈ ৰৈ গ’ল ৰূপৰেখাৰ প্ৰেমিক স্বামী ইন্দ্ৰেশ্বৰ।আস,এই কথা খিনি যদিহে এখন ছৱিৰে আঁকি দেখুৱাব পাৰিলোহেঁতেন! সম্ভৱত টাইটানিকৰ সেই শেষৰ দৃশ্যটোৰ দৰে- - - থকথককৈ পানীত কঁপি আছে জেক। নাওত বহি উচুপি উঠিছে ৰ’জ! নাটকত, ছৱিত কথাবোৰ এনেকুৱাই হ’লহেঁতেন। চাই উচুপি উঠিলোহেঁতেন আমি। আৰু আজি নেদেখাকৈয়ে উচুপি উঠিছো আপুনি- মই। উচুপি আছে ৰূপৰেখা বৰা।বিশ্বাস কৰক।তেওঁৰ সেই থোকাথুকি মাতে যিকোনো হৃদয়বান মানুহকেই টানি নিব শোকৰ নেদেখা সাগৰলৈ!
Leave A Comment