• হাস্পতালৰ গাফিলতিঃআক্ৰান্ত নোহোৱা ব্যক্তিকো ক’ভিড ৱাৰ্ডত ভৰ্তি

    আঞ্চলিক
    হাস্পতালৰ গাফিলতিঃআক্ৰান্ত নোহোৱা ব্যক্তিকো ক’ভিড ৱাৰ্ডত ভৰ্তি

    গুৱাহাটী : এখন ক'ভিড হাস্পতালৰ চিকিৎসাসেৱাৰ ক্ষেত্ৰত গাফিলতিৰ অভিযোগ উৎত্থাপন হৈছে। ক’ভিড নোহোৱা ৰোগীকো ভৰ্তি কৰিছে ক’ভিড ৱাৰ্ডত৷ ৰোগীজনৰ নাম জিতুমণি তালুকদাৰ৷ জিতুমণিৰ পৰা হস্পতালখনে গ্ৰহণ কৰে লক্ষাধিক টকা৷ ক’ভিড বেডৰ নামত ২ লক্ষাধিক টকা আদায় কৰে ব্যক্তিজনৰপৰা৷





    আৰু পঢ়িব পাৰিব :   টীয়কত অব্যাহত বন্যহস্তীৰ উপদ্ৰৱ





    আনহাতে ৰোগীক ক’ভিডৰ নথি দিয়া নাই হাস্পতাল কৰ্তৃপক্ষই৷ ইপিনে আন এক গোচৰো ৰুজু হৈছে হাস্পতালখনৰ বিৰুদ্ধে৷ মৃতদেহৰ সাল-সলনি কৰে হাস্পতালখনে৷ লখৰাৰ ‘ক্ৰিটিকেল কেয়াৰ’ নামৰ হাস্পতালখনত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনাৰ৷ ভুতনাথ স্মশানত মুখ দেখাৰ পাছত হতভস্ব পৰিয়ালৰ লোক৷





    আৰু পঢ়িব পাৰিব :   ৰাজ্যত অব্যাহত গাহৰি ছিণ্ডিকেটঃ নৈশ-সান্ধ্যআইনৰ মাজতো প্ৰৱেশ বহিঃৰাজ্যৰ গাহৰিভৰ্তি ট্ৰাক





    ভূতনাথত নিয়া মৃতদেহটো গোৱালপাৰাৰ ধুপধৰাৰ আব্দুল আবাল নামৰ এজন ব্যক্তিৰহে৷ কুমুট চন্দ্ৰ ঠাকুৰীয়াৰ মৃতদেহ বুলি আৱালৰ মৃহতদেহ গটাই দিছিল পৰিয়ালক৷ পৰিয়ালৰ লোকে বৰ্তমানলৈ বিচাৰি পোৱা নাই আব্দুলৰ মৃতদেহ৷