• হুংকাৰতে দায়িত্ব শেষ জাতীয়তাবাদী দল-সংগঠনৰ ! এপিএছচিৰ পৰা বাদ পৰিল অসমীয়া ভাষা..

    আঞ্চলিক
    হুংকাৰতে দায়িত্ব শেষ জাতীয়তাবাদী দল-সংগঠনৰ ! এপিএছচিৰ পৰা বাদ পৰিল অসমীয়া ভাষা..

    ডিজিটেল ডেস্ক: অৱশেষত অসম লোকসেৱা আয়োগৰ পৰা বাদ পৰিল ভাষা বিষয়ক বাধ্যতামূলক প্ৰশ্নকাকত। সংযুক্ত প্রতিযোগিতামূলক মূল পৰীক্ষা ভাষাৰ প্রশ্নকাকত অবিহনে অনুষ্ঠিত কৰিবলৈ এপিএছচিক নিৰ্দেশ দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে৷ ভাষাৰ প্রশ্নকাকতক লৈ ৰুজু হোৱা এটা গোচৰৰ শুনানি গ্রহণ কৰি শুকুৰবাৰে মুখ্য ন্যায়াধীশ সুধাংশু ঢুলীয়া আৰু ন্যায়াধীশ সৌমিত্র শইকীয়াৰ খণ্ড বিচাৰপীঠে অসম লোকসেৱা আয়োগক এই নির্দেশ দিছে৷ এপিএছচিৰ পৰা ভাষা বিষয়ক প্ৰশ্নকাকতখন বাদ দিয়া বিষয়টোত কালি গুৱাহাটী উচ্চ ন্যায়ালয়ে আনুষ্ঠানিক ছীল-মোহৰ মাৰিলে৷ ইয়াৰ লগে লগে বহু প্ৰশ্ন এতিয়া সমুখলৈ আহিছে৷ যুক্তি আৰু আৱেগ আধাৰিত এই প্ৰশ্নসমূহতে লুকাই আছে এটা ভাষা আৰু এটা জাতিৰ ভৱিষ্যতৰ সৈতে জড়িত আন বহু প্ৰশ্ন৷









    যিসময়ত অসমত অসম চৰকাৰে এপিএছচিৰ পৰা অসমীয়া ভাষাক বাদ দিয়াৰ সিদ্ধান্ত লৈছে, তাৰো যুক্তি হিচাপে মুখ্যমন্ত্ৰীয়ে কৈছে যে, ইংৰাজী মাধ্যমৰ ছাত্ৰ-ছাত্ৰীৰ অসুবিধাৰ বাবেহে এই সিদ্ধান্ত লোৱা হৈছে, সেই সময়তে আন দুখন ৰাজ্যৰ দুটা সিদ্ধান্তই আমাৰ দৃষ্টি কাঢ়িছে৷ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ৰাজ্যখনৰ এক প্ৰশাসনিক পৰ্যালোচনা বৈঠকত অংশ লৈ বিগত ৮ ডিচেম্বৰত মন্তব্য কৰে যে, পশ্চিমবংগত চৰকাৰৰ চাকৰিৰ বাবে স্থানীয় বাংলা ভাষাৰ জ্ঞান থাকিবই লাগিব৷ পশ্চিমবংগ চৰকাৰৰ প্ৰশাসনিক পদৰ চাকৰি কৰিবলৈ বাংলা ভাষা জনাটো বাধ্যতামূলক৷






    আমাৰ দৃষ্টি আকৰ্ষণ কৰা আন এখন ৰাজ্য হৈছে তামিলনাডু৷ তামিলনাডু চৰকাৰে চৰকাৰী চাকৰিৰ বাবে তামিল ভাষা বাধ্যতামূলক কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ প্ৰতিযোগিতামূলক পৰীক্ষাত তামিল ভাষাৰ এখন বাধ্যতামূলক কাকত প্ৰৱৰ্তন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ তামিলনাডু চৰকাৰে বিগত শনিবাৰে নিজৰ সিদ্ধান্তৰ বিষয়ে অৱগত কৰি কয় যে, চৰকাৰে আশা কৰা তামিল দক্ষতা কেৱল দশম শ্ৰেণীলৈকে। তামিলনাডু চৰকাৰৰ অধীনৰ চৰকাৰী চাকৰি আৰু প্ৰশাসনিক পদত নিযুক্ত হ'বলৈ তামিল ভাষা জনাটো বাধ্যতামূলক কৰিছে চৰকাৰখনে৷





    ৰাজ্য দুখনৰ এই দুই সিদ্ধান্তৰ পৰা আমি ৰাজ্য দুখনৰ জাতীয়তাবাদী চিন্তা আৰু স্বাভিমান ৰক্ষাৰ বাবে তেওঁলোকৰ আপোচহীন স্থিতিৰ উমান পাব পাৰো৷ পশ্চিমবংগ আৰু তামিলনাডুৰ ভাষিক জাতীয়তাবাদক কোনো ৰাষ্ট্ৰীয়তাবাদী শক্তিয়ে টলাব পৰা নাই৷ ৰাজ্যখনক আৰু ৰাজ্যখনৰ ভাষা-ঐতিহ্যক কিমান ভাল পালে তাৰ সাংবিধানিক মুৰব্বীয়ে এনে সিদ্ধান্ত ল’ব পাৰে, সেয়া সহজে অনুমেয়৷





    তাৰ বিপৰীতে, অসম মূলুকত ইংৰাজী 'চাইনব'ৰ্ড'ত ক'লা ৰং সনা অথবা হুংকাৰ দিয়াতেই জাতীয়তাবাদ সীমাবদ্ধ৷ ক্ৰমশঃ দুৰ্বল হৈ অহা অসমৰ ভাষিক জাতীয়তাবাদৰ জহি-খহি গৈ থকা ৰূপটোৰ আমি নীৰৱ সাক্ষী৷ অসম চৰকাৰে কেবিনেট সিদ্ধান্ত লোৱাৰ পাছত ৰাজ্যজুৰি সৃষ্টি হোৱা প্ৰতিক্ৰিয়া আৰু জনমতৰ পাছতহে মুখ খুলিছিল অসমৰ বিয়াগোম জাতীয়তাবাদী নেতাই৷ আছু, অসম সাহিত্য সভা, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, কৃষক মুক্তি সংগ্ৰাম সমিতি কাকোৱে একো কেৰেপ নকৰি ৰাজ্য চৰকাৰে গ্ৰহণ কৰিলে আত্মঘাতী সিদ্ধান্ত৷ বুদ্ধিজীৱী, লেখকৰ পৰামৰ্শকো আওকাণ কৰি নিজৰ সিদ্ধান্তত অটল হৈ অসম চৰকাৰে অৱশেষত বাদ দিয়াইহে এৰিলে অসমীয়া ভাষাক৷





    জাতীয়তাবাদী চিন্তাৰে জন্ম হোৱা অসম গণ পৰিষদৰ এতিয়া জঁকাটোহে ৰৈছেগৈ৷ অসমৰ স্বাভিমান আৰু জাতীয় প্ৰশ্নত মুখ খুলিবলৈ তেওঁলোকৰ নৈতিক সাহসৰ অভাৱ৷ বিজেপিৰ অক্সিজেন লৈ কেলঢোপ-কেলঢোপকৈ জীয়াই থকা দলটোৰ পৰা আজিকালি অসমৰ ৰাইজে আশা কৰিবলৈ এৰি দিছে৷ একেদৰে, সদৌ অসম ছাত্ৰ সন্থাৰ ভূ্মিকাও সন্তোষজনক নহয়৷ সদৌ অসম ছাত্ৰ সন্থাৰ শেহতীয়া ভূমিকাই অসমবাসীক হতাশ কৰিছে৷ দিনে দিনে অসমৰ ৰাইজৰ মনৰ পৰা আঁতৰি গৈ আছে সদৌ অসম ছাত্ৰ সন্থা৷ সংগঠনটোলৈ এই পৰ্যায় কিয় আহি পৰিছে, তেওঁলোকে আত্মসমালোচনা কৰা উচিত৷ জাতিৰ সন্ধিক্ষণৰ সময়ছোৱাত, ভাষাৰ অস্তিত্বৰ প্ৰশ্নত তেওঁলোকৰ নীৰৱতাই হতাশ কৰিছে অসমবাসীক৷ কেৱল দাবী আৰু হুংকাৰতেই ৰৈ গৈছে তেওঁলোকৰ খোজ৷ এপিএছচিৰ পৰা অসমীয়া ভাষা আঁতৰোৱা বিষয়টোতো তেওঁলোকৰ ভূমিকা দুৰ্বল দেখা গ'ল৷





    একেদৰে হতাশ কৰিছে অসম সাহিত্য সভাই৷ সভাত ড° কুলধৰ শইকীয়া সভাপতি হোৱাৰ পাছত অসমৰ ৰাইজে অসম সাহিত্য সভা গতিশীল হ’ব বুলি আশা কৰিছিল৷ কিন্তু, অসমৰ স্বাভিমান, অসমৰ ভাষাৰ সৈতে জড়িত বিষয়বোৰত তেওঁলোকৰ অখণ্ড নীৰৱতাই হতাশ কৰিছে ভাষাটোক মনে-প্ৰাণে ভালপোৱা প্ৰতিজন অসমীয়াক৷ এতিয়া অসমৰ জাতীয়তাবাদ সীমাবদ্ধ হৈ পৰিছে ফেচবুক, টুইটাৰত৷





    জনস্বাৰ্থবিৰোধী সিদ্ধান্তবোৰত বলিষ্ঠ ভূমিকা লৈ ৰাইজৰ কাষত থিয় হ’ব পৰাকৈ সাহ গোটাব পৰা নাই অসমৰ দল-সংগঠনে৷ কিয় এই দুৰ্বলতা? জনচক্ষুৰ আঁৰত বন্ধকুঠৰীত নিজৰ ঐতিহ্য আৰু পৰিচয়ক বিসৰ্জন দিছে নেকি অসমৰ জাতীয় দল-সংগঠনবোৰে৷ সকলোৱে দেখিছে যেতিয়াই যি মন, সেয়াই কৰি গৈছে চৰকাৰে৷ বাধা দিবলৈ কোনো নাই৷ আলোচনাৰ সুস্থ পৰিৱেশ নাই৷ প্ৰশ্ন তোলা নাই কোনেও একো৷ নিৰ্বিবাদে মানি গৈছে আইৰ মুখৰ ভাষা কাঢ়ি নিয়াৰো সিদ্ধান্ত৷ এনেকৈয়ে দুৰ্বল হৈ পৰিছে অসমৰ ভাষিক জাতীয়তাবাদ৷ চৰকাৰৰ সদিচ্ছাত চলা এনে জাতীয়তাবাদে ৰাইজৰ পক্ষত থিয় হ’বলৈ সাহস হেৰুৱাইছে৷ বল এতিয়া ৰাইজৰ ক’ৰ্টত৷ কাকো অভিভাৱক নাপাতি অসমৰ ৰাইজে নিজেই প্ৰবল জনমত গঢ়ি চৰকাৰক জনস্বাৰ্থবিৰোধী, ভাষাবিৰোধী সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকিবলৈ বাধ্য কৰাওক৷