• হৃদয়বিদাৰক! স্বাধীনতা দিৱসৰ দিনাই আত্মঘাটী গুলী বিএছএফ জোৱানৰ

    আঞ্চলিক
    হৃদয়বিদাৰক! স্বাধীনতা দিৱসৰ দিনাই আত্মঘাটী গুলী বিএছএফ জোৱানৰ

    কৰিমগঞ্জ : আজি ৰাজ্যজুৰি পালন ৭৫সংখ্যক স্বাধীনতা দিৱস৷ স্বাধীনতা দিৱসৰ দিনা পুৱতি নিশা সংঘটিত হৈছে এক হৃদয়বিদাৰক ঘটনা। সীমান্তত পহৰা দি থকা সময়তে এগৰাকী বিএছএফ জোৱানৰ আত্মহত্যা। নিহত জোৱানজনৰ নাম মনবীৰ সিং৷

    জানিবলৈ পোৱা মতে, জোৱানজনৰ ঘৰ উত্তৰ প্ৰদেশত। কৰিমগঞ্জ জিলাৰ বাজাৰীছড়া আৰক্ষী থানাৰ অন্তৰ্গত ভাৰত বাংলাদেশ সীমান্তৰ পুতনীত কৰ্তব্যৰত অৱস্থাত আছিল নিহত জোৱানজন।

    ইতিমধ্যে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে কৰিমগঞ্জ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে। এতিয়ালৈ জোৱানগৰাকীৰ মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই।