• হৃদয় বিদাৰক ! দেৱ শিশুক পুখুৰীত দলিয়াই হত্যা পিতৃ-মাতৃৰ

    আঞ্চলিক
    হৃদয় বিদাৰক ! দেৱ শিশুক পুখুৰীত দলিয়াই হত্যা পিতৃ-মাতৃৰ

    কামৰূপ : পাষণ্ড ৰূপত পিতৃ মাতৃ৷ এটি ফুলকুমলীয়া দেৱ শিশুক পুখুৰীত দলিয়াই হত্যা নিজ পিতৃৰ৷ এনে এক হৃদয়বিদাৰক ঘটনা সংঘটিত হৈছে দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ কাণহাৰা গাঁৱত। এটি ফুলকুমলীয়া দেৱ শিশু সন্তানক পিতৃ মাতৃ তথা আইতাই পুখুৰীত দলিয়াই হত্যাৰ সন্দেহ স্থানীয় ৰাইজৰ ৷ পুখুৰীত উপঙি থকা অৱস্থাত উদ্ধাৰ হৈছে ডেৰ বছৰীয়া শিশুটি ৷ এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ গৰৈমাৰী অঞ্চলত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷





    আৰু পঢ়িব পাৰিব : তেল ডিপুৰ কৰ্মচাৰীক গুলীয়াই মৰাৰ ভাবুকি দুৰ্বৃত্তৰ





    ঘটনাৰ সবিশেষ জানিবপৰা মতে, কাণহাৰা গাঁৱৰ মিজানুৰ খানৰ সৈতে তেওঁৰ পত্নীৰ আছিল দীৰ্ঘদিনীয়া কাজিয়া ৷ যাৰ পৰিণতিত মিজানুৰৰ সৈতে পত্নীৰ বিবাহ বিচ্ছেদ হৈছিল। এক সপ্তাহ পূৰ্বে পুনৰ মহিলা গৰাকীয়ে পূৰ্বৰ স্বামী মিজানুৰ ৰহমানৰ ঘৰত আহি উপস্থিত হৈছিল। লগতে নিশাৰ ভাগত দুয়ো স্বামী-স্ত্ৰীৰ মাজত কাজিয়াৰ সুত্ৰপাত হৈছিল ৷ পাছত নিশাৰ ভাগতে নিৰুদ্দেশ হৈছিল তেওঁলোকৰে ডেৰ বছৰীয়া পুত্ৰ আহমেদ খান ৷





    আৰু পঢ়িব পাৰিব : বৰঙণিৰ নামত ধন দাবীৰ অভিযোগ চাৰি আটাছু নেতাৰ বিৰুদ্ধে





    পুৱাৰ ভাগত পুখুৰীত উপঙি থকা অৱস্থাত শিশুটিৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতেই স্থানীয় ৰাইজৰ মাজত লাগে হুৱা-দুৱা ৷ ৰাইজৰ অভিযোগ স্বামী মিজানুৰ ৰহমানৰ লগত তেওঁৰ পত্নী মালেকা খাতুনৰ কাজিয়াৰ বাবেই নিজ সন্তানক দলিয়াই দিয়ে নিৰ্দয় পিতৃ-মাতৃ তথা আইতাকে৷ সম্প্ৰতি শিশুটিক মৰণোত্তৰ পৰীক্ষাৰ বাবে জি এম চি এইচলৈ প্ৰেৰণ কৰে গৰৈমাৰী আৰক্ষীয়ে।