Sci & Tech
Metaverse ecosystems offer completely working virtual environments in which people may collaborate, play games, and...
গুৱাহাটী : মহানগৰীত হৃদয় বিদাৰক ঘটনা। যৌতুক বিচাৰি আৰু পৰকীয়া প্ৰেমৰ সন্দেহত পত্নীৰ গাত কেৰাচিন তেল ঢালি জুই লগাই হত্যাৰ অপচেষ্টা চলায় স্বামীয়ে। স্বামী ধৰ্মেশ্বৰ দাসৰ বিৰুদ্ধে পত্নীৰ পৰিয়ালে এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। অগ্নিদগ্ধ পূৰৱী দাসক সংকটজনক অৱস্থাত সম্প্ৰতি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোঁৱা হয়।
আৰু পঢ়িব পাৰিব :‘আমি ব্ৰিটিছকো পৰাজিত কৰিছিলোঁ, নৰেন্দ্ৰ মোদী কোন?’
এই হৃদয় বিদাৰক ঘটনাটো সংঘটিত হৈছে মহানগৰীৰ বোন্দাৰ ধূপগুৰি অঞ্চলত। উল্লেখ্য যে, ১০ বছৰ পূৰ্বে পূৰৱী দাসৰ সৈতে ধৰ্মেশ্বৰ দাস আবদ্ধ হৈছিল বিবাহপাশত। তাৰ পাছৰে পৰাই দীৰ্ঘদিন ধৰি শাৰীৰিক আৰু মানসিকভাৱে স্বামী ধৰ্মেশ্বৰ দাসে চলাই আহিছিল নিৰ্যাতন। অগ্নিদগ্ধ পত্নী পূৰৱী দাস দুটি সন্তানৰ মাতৃ।
আৰু পঢ়িব পাৰিব :ইছৰোৰ অভিযান : ১৯টাকৈ উপগ্ৰহ লৈ মহাকাশলৈ পিএছএলভি
সমগ্র ঘটনা সন্দৰ্ভত ইতিমধ্যে পত্নী পূৰৱী দাসৰ পৰিয়ালে নুনমাটি আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ। নুনমাটি আৰক্ষীয়ে ধৰ্মেশ্বৰ দাসক আটক কৰি জেৰা অব্যাহত ৰাখিছে।
Leave A Comment