নতুন দিল্লী : ভাৰতীয় ক্ৰিকেটৰ মহা তাৰকা, বিচিচিআইৰ মুৰব্বী সৌৰভ গাংগুলীৰ স্বাস্থ্য এতিয়া সুস্থিৰ। মৃদু হাৰ্ট এটেকৰ সন্মুখীন হোৱাৰ পাছত গাংগুলীৰ ‘এনজিঅ’প্লাষ্টী’ কৰোঁৱা হৈছিল আৰু তাৰ পাছত নিৰন্তৰ চিকিৎসকৰ নিৰীক্ষণত আছে তাৰকা ক্ৰিকেটাৰগৰাকী। শনিবাৰে ‘বুকুৰ অসুবিধা’ত ভোগা গাংগুলীক ততালিকে হাস্পতাললৈ নিয়া হৈছিল।
আৰু পঢ়িব পাৰিব : দেশৰ দুটাকৈ ক’ভিড প্ৰতিষেধকৰ প্ৰয়োগত অনুমোদন ডিচিজিআইৰ
শনিবাৰে নিশা ১ বজাত তেওঁক কলকাতাৰ উডলেণ্ডছ হাস্পতালত ভৰ্তি কৰোঁৱা হৈছিল। তাতেই ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়কগৰাকীৰ চিকিৎসা চলি আছে। উল্লেখ্য যে, তেওঁ দিনৰ ১১বজাত ঘৰতে থকা জিমত শৰীৰচৰ্চা কৰাৰ পাছতে তেওঁ বুকুত অসহজ বোধ কৰিছিল, মূৰ গধুৰ অনুভৱ কৰিছিল, বমি হৈছিল আৰু বহুবাৰ মূৰো ঘূৰাইছিল।
আৰু পঢ়িব পাৰিব : পেছাত হকাৰ, অৰ্হতা পিএইচডি : সংগ্ৰামৰপৰা সফলতালৈ নুৰ মহম্মদৰ কাহিনী
অৱশ্যে তেওঁৰ স্বাস্থ্যৰ অৱস্থা জটিললৈ যোৱা নাই বুলি তেওঁ প্ৰকাশ কৰে। তেওঁ সম্পূৰ্ণৰূপে সজ্ঞানে থকা বুলি প্ৰকাশ কৰাৰ লগতে চিকিৎসকে তেওঁৰ হৃদযন্ত্ৰত দুটা অৱৰোধ থকাৰ কথা প্ৰকাশ কৰে। এই অৱৰোধ আঁতৰোৱাৰ বাবে চিকিৎসা কৰা হ’ব তাৰকা ক্ৰিকেটাৰগৰাকীৰ।
Leave A Comment