• হেট্ৰিক চেঞ্চুৰীঃ কেলেণ্ডাৰ বৰ্ষৰ সৰ্বাধিক শতক অৰ্জনৰ দিশে ৰুট

    আঞ্চলিক
    হেট্ৰিক চেঞ্চুৰীঃ কেলেণ্ডাৰ বৰ্ষৰ সৰ্বাধিক শতক অৰ্জনৰ দিশে ৰুট

    নতুন দিল্লীঃ অভিলেখ গঢ়াৰ দিশে ইংলেণ্ডৰ অধিনায়ক জো ৰুট। ভাৰতৰ বিৰুদ্ধে ৫খন খেলৰ টেষ্ট শৃংখলাৰ প্ৰথম ৩খন খেলত জো ৰুটে ধাৰাবাহিক ৩টা শতক অৰ্জন কৰিছে। ইংলেণ্ডৰ অধিনায়কজনে নটিংহাম, লৰ্ডছ আৰু হেডিংলিত ক্ৰমান্বয়ে ১০৯, ১৮০ আৰু ১২১ ৰানৰ দুৰ্দান্ত ইনিংছ খেলিছে। উল্লেখ্য যে, ৰুটে ইংলেণ্ডৰ অধিনায়ক হিচাপে ১০০ টা ইনিংছত সৰ্বাধিক ১২ টা টেষ্ট শতক অৰ্জন কৰিছে।





    প্ৰাক্তন অধিনায়ক এলিষ্টাৰ কুকে একেটা শতক অৰ্জন কৰিবলৈ ১১১ টা ইনিংছ খেলিছিল। জো ৰুটে ইংলেণ্ডৰ হৈ চলিত বৰ্ষত সৰ্বাধিক ৬ টা শতক অৰ্জন কৰিছে। ডেনিছ কম্পটনে ইয়াৰ পূৰ্বে ১৯৪৭ চনত ৬টা শতক অৰ্জনেৰে গঢ়িছিল অভিলেখ। অৱশ্যে, ২০০৬ চনত পাকিস্তানৰ প্ৰাক্তন তাৰকা ক্ৰিকেটাৰ মহম্মদ ইউছুফে এটা বৰ্ষতে সৰ্বাধিক ৯ টা শতক অৰ্জন কৰিছিল।





    শেহতীয়াকৈ ইংলেণ্ডৰ অধিনায়ক হিচাপে কেলেণ্ডাৰ বৰ্ষত জো ৰুটে সৰ্বাধিক ১৩৭৭ ৰান সংগ্ৰহ কৰিছে আনহাতে প্ৰাক্তন অধিনায়ক এলিষ্টাৰ কুকে ২০১৫ চনত ১৩৬৪ ৰাণ সংগ্ৰহ কৰিছিল।
    চলিত বৰ্ষত ভাৰতৰ বিৰুদ্ধে ২খন টেষ্ট আৰু ডিচেম্বৰত এছেজ টেষ্টৰ সৈতে ৩খন, মুঠ ৫খন টেষ্ট খেলত অংশগ্ৰহণৰ সুযোগ আছে জো ৰুটৰ। শাৰীৰিক সমস্যাই আহত নকৰিলে কেলেণ্ডাৰ বৰ্ষত সৰ্বাধিক শতক অৰ্জনকাৰী অধিনায়ক হিচাপে বিবচিত হ’ব পাৰে জো ৰুট।