• হেডিংলিত ব্যৰ্থ ভাৰতীয় বেটিংলাইনঃ ৪২ৰানৰ অগ্ৰগতি ইংলেণ্ডৰ

    আঞ্চলিক
    হেডিংলিত ব্যৰ্থ ভাৰতীয় বেটিংলাইনঃ ৪২ৰানৰ অগ্ৰগতি ইংলেণ্ডৰ

    হেডিংলিঃ ভাৰত আৰু ইংলেণ্ডৰ মাজত চলিত তৃতীয় টেষ্টৰ প্ৰথম ইনিংছত মুখথেকেছা ভাৰতৰ। বিৰাট ব্ৰিগেডে লৰ্ডছ টেষ্টত যিধৰণে ইনিংছ সামৰি জয়ৰ মুকুট পিন্ধিছিল সেই উদ্যমেৰে আৰম্ভণি নহ’ল তৃতীয়খন টেষ্ট। ইংলেণ্ডৰ বলিং পৰাক্ৰমত বিপৰ্যস্ত হৈ পৰে ভাৰতীয় বেটিং লাইন। আটাইকেইটা উইকেট হেৰুৱাই মাত্ৰ ৭৮ৰানতে প্ৰথম ইনিংছ সামৰে ভাৰতে। বিপৰীতে প্ৰথম দিনৰ শেষলৈ ইংলেণ্ডে ১২০ৰানেৰে ৪২ৰানৰ অগ্ৰগতি লৈছে। উল্লেখ্য যে, অধিনায়ক বিৰাট কোহলীয়ে টছত জিকি প্ৰথমে বেটিঙৰ সিদ্ধান্ত লয়। উন্নত প্ৰদৰ্শনৰ আশা কৰা হৈছিল যদিও জেমছ এণ্ডাৰছনৰ দুৰ্দান্ত ইনছ্যুইং,আউটছ্যুইঙত টলকিব নোৱাৰিলে ভাৰতীয় বেটছমেনসকলে। কে এল ৰাহুল, চেটেশ্বৰ পুজাৰা আৰু বিৰাট কোহলীৰ উইকেট লাভ কৰে এণ্ডাৰছনে। বিৰাট কোহলীক সৰ্বাধিকবাৰ আউট কৰা বলাৰ হিচাপেও কৃতিত্ব অৰ্জন কৰে এণ্ডাৰছনে।






    জেমছ এণ্ডাৰছন আৰু ক্ৰেগ অভাৰটনে ইংলেণ্ডৰ হৈ ৩টাকৈ উইকেট দখল কৰে। ৰবিনছন আৰু ছেম কৰনে ২ টাকৈ উইকেট দখল কৰিবলৈ সক্ষম হয়। পূৰ্ণৰূপে ব্যৰ্থ হৈ পৰে ভাৰতীয় মিডিল অৰ্ডাৰ বেটছমেন। প্ৰত্যুত্তৰত ইংলেণ্ডৰ অপেনাৰদ্বয়ে বেটিং কৰি এটা সুন্দৰ ইনিংছৰ আৰম্ভণি কৰিছে। এই মুহূৰ্তলৈকে অপৰাজিত অপেনাৰদ্বয়ৰ ৰায় বাৰ্ণছে ৫২ ৰাণ আৰু হাচিব হামিদে ৬০ ৰাণ সংগ্ৰহ কৰিছে।






    প্ৰথম দিনৰ শেষত ৪২ অভাৰত ইংলেণ্ডে প্ৰথম ইনিংছত অগ্ৰগতি লৈছে। ভাৰতীয় বলাৰসকলে ইয়াত অতিৰিক্ত ৮ ৰাণ দিছিল। ইনিংছৰ আৰম্ভণিৰ পৰাই ভাৰতৰ বেটিং ক্ষতিগ্ৰস্ত হৈ আহিছে। দ্বিতীয় দিনৰ খেলখন ভাৰতী বলাৰৰ প্ৰদৰ্শনৰ ওপৰতে নিৰ্ভৰ কৰিছে। অত্যাধিক অতিৰিক্ত ৰানৰ প্ৰাচীৰ নগঢ়িবলৈ বিৰাট ব্ৰিগেডে ইংলেণ্ডৰ বেটিংলাইনক কিদৰে প্ৰতিহত কৰে সেয়াহে হ’ব লক্ষ্যণীয়!