• হেণ্ডবলৰ সাতবাৰ চেম্পিয়ন মিণ্টু এতিয়া অসহায় !

    আঞ্চলিক
    হেণ্ডবলৰ সাতবাৰ চেম্পিয়ন মিণ্টু এতিয়া অসহায় !

    গুৱাহাটী: ‘Sports journalist welfare association’ৰ সংবাদমেল সম্বোধন। হেণ্ডবলৰ আন্তঃৰাজ্যিক প্ৰতিযোগিতাত মিণ্টু চুংক্ৰাং সাতবাৰ চেম্পিয়ন হৈছিল৷ ২০১৮ৰ এটি পথ দুৰ্ঘটনাত বাওঁভৰিখন হেৰুৱাব লগাত পৰিছিল খেলুৱৈগৰাকী৷ খেলুৱৈগৰাকী শাৰীৰিকভাৱে অক্ষম যদিও তেওঁলৈ কোনোধৰণৰ বিশেষ সুবিধাৰ ব্যৱস্থা কৰা নাই অসম চৰকাৰৰ মন্ত্ৰী বা বিভাগে।





    মিণ্টু চুংক্ৰাঙক সহায় কৰিবলৈ আহ্বান জনাইছে সংস্থাটিয়ে৷ পৰিয়ালৰ লোকক আৰ্থিকভাৱে সকাহ দিয়াৰ বাবেও আহ্বান জনাইছে পৰিয়ালে৷ মিণ্টু চুংক্ৰাঙে আনবোৰৰ দৰে দুভৰিত থিয় হ’ব বিচাৰে৷ অৰ্থৰ অভাৱত এখন কৃত্ৰিম ভৰিৰ ব্যৱস্থা কৰিব পৰা নাই মিণ্টুৱে৷ পত্নী আৰু এটি পুত্ৰ সন্তানৰ সৈতে তিনিজনীয়া পৰিয়াল মিণ্টুৰ৷





    ১৯৯৫ৰ পৰা হেণ্ডবল খেলৰ লগত জড়িত মিণ্টু৷ এখন কৃত্ৰিম ভৰিৰ ব্যৱস্থা কৰি দিয়াৰ বাবে আহ্বান মিণ্টুৰ৷ পুনৰ খেলপথাৰলৈ উভতি যোৱাৰ ইচ্ছা প্ৰকাশ কৰিছে মিণ্টু চুংক্ৰাঙে। এটি সংস্থাপনৰ বাবে ৰাজ্য চৰকাৰলৈ আহ্বান৷ মিণ্টুলৈ ‘Sports journalist welfare association’-এ দহ হাজাৰৰ আৰ্থিক সাহায্য আগবঢ়াইছে৷