North East
ধুবুৰী : ধুবুৰীত এহাল প্ৰেমিক প্ৰেমিকাৰ বিলৈ! প্ৰথমে হোৱাটছএপত চিনাকি তাৰ পাছত হোৱাটছএপত ফটো শ্বেয়াৰ কৰি প্ৰেমৰ প্ৰস্তাৱ। প্ৰেমিকাক লগ পাবলৈ ব্যাকুল হৈ থকা দুৰ্দান্ত প্ৰেমিক উপস্থিত হ'ল ধুবুৰীত।লগ পায়েই বিয়া পাতিবলৈ থিৰাং কৰিলে দুয়ো। ১৭ বছৰীয়া ল'ৰা আৰু ২৫ বছৰীয়া ছোৱালীৰ যোৱা চাৰি মাহ ধৰি চলা প্ৰেমৰ পাছত বিয়াৰ বাবে প্ৰস্তুত হৈছিল৷ পিছে বিয়া পাতিবলৈ আহি আৰক্ষীৰ হাতত আটক হ'ল প্ৰেমিক-প্ৰেমিকা!
আজি ধুবুৰী আদালতত বিয়া পাতিবলৈ আহি ল'ৰাজনে ছোৱালীজনীক দেখা পাই বিয়া কপাতিবলৈ অমান্তি হোৱাত প্ৰথমে তৰ্ক-বিতৰ্কত লিপ্ত হয়। দুয়োগৰাকী প্ৰেমিক-প্ৰেমিকা তৰ্ক কৰি থকাত অৰাজক পৰিবেশৰ সৃষ্টি হোৱাত ৰাইজে ধুবুৰী আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত পঠিয়াই দিয়ে।
ঘটনাস্থলীত ধুবুৰী সদৰ আৰক্ষী উপস্থিত হৈ দুয়োগৰাকী প্ৰেমিক-প্ৰেমিকাক আটক কৰি ধুবুৰী আৰক্ষী চকীলৈ লৈ যায়। প্ৰেমিকৰ ঘৰ মেঘালয়ৰ ভাইটবাড়ী আৰু প্ৰেমিকাৰ ঘৰ দক্ষিণ শালমাৰাৰ সমষ্টিৰ পাটাকাত বুলি জানিব পৰা গৈছে। ইতিমধ্যে ধুবুৰী আৰক্ষীয়ে প্ৰেমিক-প্ৰেমিকাৰ ঘটনাক লৈ তদন্ত আৰম্ভ কৰিছে।
Leave A Comment