International
গুৱাহাটী: বিধানসভা অধিৱেশনৰ আজি দ্বিতীয়টো দিন৷ অধিৱেশনৰ আজিৰ দিনটোত শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে শিৱসাগৰক লৈ বিভিন্ন দাবী উত্থাপন কৰে৷ তেওঁৰ দাবী, 'শিৱসাগৰত ৫৫১টা কীৰ্তিচিহ্ন আছে। শিৱসাগৰক ৰাজ্যিক ঐতিহ্যক্ষেত্ৰ ৰূপে ঘোষণা কৰিব লাগে।' অখিল গগৈয়ে নিজাববীয়াকৈ চাফ-চিকুণতাৰ কাম আৰম্ভ কৰিছে বুলি ব্যক্ত কৰে। ‘১০ বছৰৰ ভিতৰত শিৱসাগৰক ৱৰ্ল্ড হেৰিটেজ চাইট কৰিম’-বুলি অখিল গগৈয়ে মন্তব্য আগবঢ়ায়। লগতে তেওঁৰ সাধ্যানুসৰি কাম কৰিম বুলিও ব্যক্ত কৰে।
ইপিনে আজি অধিৱেশনত ১৫-২০ মিনিট সময় ভাষণ দিবলৈ অনুমতি পাইছিল বিধায়কগৰাকীয়ে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি কয় যে, মুখ্যমন্ত্ৰীৰ কথাই শেষ কথা নহয়। শিৱসাগৰক লৈ ধৰ্মীয় ৰাজনীতি কৰাৰ চেষ্টা চৰকাৰৰ বুলিও অভিযোগ উত্থাপন কৰে বিধায়কগৰাকীয়ে। ভাৰতবৰ্ষৰ কেন্দ্ৰীয় আইনৰ অধীনত শিৱসাগৰক গ্ৰহণ কৰিবৰ কাৰণে দাবী জনাই তেওঁ। সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই শিৱসাগৰৰ আন্তঃগাঁথনি, উন্নয়নৰ বাবে অতি কমেও ১০০ কোটি টকাৰ আবণ্টন কৰে অধিৱেশনত৷ কিন্তু মন্ত্ৰীগৰাকীয়ে ইয়াৰ বিপৰীতে কোনো প্ৰস্তাৱ ঘোষণা নকৰাত আপোচ কৰে শিৱসাগৰৰ বিধায়কগৰাকীয়ে। অখিলৰ মতে ‘কিন্তু শিৱসাগৰৰ ঐতিহ্যমণ্ডিত ৰংঘৰ, কাৰেংঘৰ, জয়সাগৰ পুখুৰীৰ দৰে অন্যান্য কীৰ্তিচিহ্নবোৰৰো অৱস্থা তথৈবচ।
Leave A Comment