• ১০২ বছৰীয়া আইতা শকুন্তলা চৌধুৰীলৈ সন্মান কেন্দ্ৰীয় চৰকাৰৰ

    আঞ্চলিক
    ১০২ বছৰীয়া আইতা শকুন্তলা চৌধুৰীলৈ সন্মান কেন্দ্ৰীয় চৰকাৰৰ

    গুৱাহাটী : এগৰাকী এশ বছৰ গৰকা আইতাৰ সফলতাই এতিয়া অনুপ্ৰাণিত কৰিছে বহুজনক৷ কেন্দ্ৰীয় চৰকাৰৰ বিশেষ বঁটাৰে সন্মানিত হৈছে ১০২বছৰীয়া আইতা শকুন্তলা চৌধুৰীক৷ জ্যেষ্ঠ নাগৰিকক উৎসাহ জনোৱাৰ অৰ্থে প্ৰদান কৰা হয় এই বয়োজ্যেষ্ঠ সন্মান বঁটা৷ নতুন দিল্লীত কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰিলে এই সন্মান ৷









    এই বঁটাত আছে আঢ়ৈ লাখ টকা নগদ ধন আৰু ফলক ৷ উলুবাৰী কস্তুৰবা আশ্ৰমত থকা আইতাগৰাকীয়ে লাভ কৰিবলৈ সক্ষম হয় 'বয়োজ্যেষ্ঠ সন্মান'৷ এই সন্মান লাভ কৰা অসমৰ প্ৰথমগৰাকী ১০০বছৰ ওপৰৰ মহিলা যি পোনপ্ৰথমবাৰৰ বাৱে এই বঁটা লাভ কৰিছে৷





    এই বঁটা প্ৰতি বছৰে দেশৰ বয়োজ্যেষ্ঠ নাগৰিকক এই সন্মান আগবঢ়োৱা হয়৷