• ১০ জিলালৈ ক’ভিড ভেকচিন কঢ়িয়াব স্বাস্থ্য বিভাগৰ বিশেষ বাহনে

    আঞ্চলিক
    ১০ জিলালৈ ক’ভিড ভেকচিন কঢ়িয়াব স্বাস্থ্য বিভাগৰ বিশেষ বাহনে

    গুৱাহাটী : ক'ভিড প্ৰতিষেধক প্ৰদানৰ বাবে স্বাস্থ্য বিভাগে লৈছে বিশেষ পদক্ষেপ। ISBT ৰ পৰা ৰাজ্যৰ নিৰ্বাচিত ১০খন জিলালৈ বিশেষ বাহনেৰে প্ৰেৰণ কৰিব ক'ভিড প্ৰতিষেধক। আজি এই বাহনসমূহৰ যাত্ৰাৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভণি কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। এই অনুষ্ঠানত উপস্থিত থাকে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত, মন্ত্ৰী অশোক সিংহালো। লগতে উপস্থিত থাকে ASTC অধ্যক্ষ৷






    উল্লেখ্য যে, ক’ভিড প্ৰতিষেধৰ প্ৰথমটো পালি এতিয়াও ৰাজ্যৰ ৯০ লাখ লোকক দিবলৈ বাকী আছে৷ এই কথা সদৰি কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই৷ তেওঁ প্ৰকাশ কৰে যে, ১০খন জিলালৈ প্ৰতিষেধক লৈ যোৱাৰ বাবে ১৫খন বাহনৰ ব্যৱস্থা কৰা হৈছে। ৰাজ্যৰ দুৰ্গম অঞ্চললৈ বাহনসমূহে লৈ যাব ভেকচিন।





    আজিৰ দিনটোত ৰাজ্যত ২২ লাখ ভেকচিন মজুত আছে বুলি প্ৰকাশ কৰি সকলোকে ভেকচিন ল’বলৈ আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে। তদুপৰি মুখ্যমন্ত্ৰীয়ে স্বাস্থ্য বিভাগৰ পৰামৰ্শ মতে সকলোকে চিকিৎসা কৰিবলৈ আহ্বান জনায়।