Automobiles
The Jimny has a 1.5-litre petrol engine and may be purchased through a subscription plan for an all-inclusive monthly charge starting at 33,550.
হাজো : মানৱ সমাজক লজ্জানত কৰা এক ঘটনা সংঘটিত হৈছে তীৰ্থনগৰী হাজোত। হাজোৰ দ্বীপলাং গাঁৱৰ উমেশ কলিতা আৰু তেওঁৰ পত্নীয়ে বিক্ৰী কৰিলে নৱজাতক পুত্ৰক। জন্মৰ তিনি দিন পাছতে মাত্ৰ দহ হাজাৰ টকাত চাংসাৰিৰ কোনো ব্যক্তিৰ হাতত বিক্ৰী কৰিলে নিজৰ সন্তানটিক।
আৰু পঢ়িব পাৰিব : লাহৰীঘাটৰ নগাবন্ধা মহাবিদ্যালয়ৰ দুগৰাকী ছাত্ৰী নিৰুদ্দেশ
আনহাতে এই নৱজাতক বিক্ৰী কাণ্ডত আগভাগ লোৱা বুলি এগৰাকী চৰকাৰী নাৰ্ছৰ বিৰুদ্ধে উত্থাপন হৈছে অভিযোগ। বাৰাংহাটী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ নাৰ্ছ মমিৰণ নেচাৰ বিৰুদ্ধে উঠিছে গুৰুতৰ অভিযোগ। দৰিদ্ৰতাৰ সুযোগ বুজি এই নাৰ্ছগৰাকীয়ে বৃহৎ ধনৰ বিনিময়ত এই কাৰ্যত হাত উজান দিয়াৰ অভিযোগ উঠিছে।
আৰু পঢ়িব পাৰিব : ‘প্ৰতিভাশালী তৰুণৰ বাবে মুকলি হৈছে নতুন দুৱাৰ’
ইয়াৰ পূৰ্বেও এগৰাকী কন্যা সন্তানক বিক্ৰী কৰিছিল পিতৃ মাতৃয়ে।কন্যা সন্তানটো বিক্ৰীৰ মধ্যস্থতা কৰিছিল নাৰ্ছ মমিৰণ নেচাই।আনহাতে এই সমগ্ৰ ঘটনাৰ এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী স্থানীয় ৰাইজৰ। চৰকাৰী নাৰ্ছ মমিৰণক শাস্তি দিয়াৰো দাবী তুলিছে সচেতন মহলৰ।
Leave A Comment