• ১১বছৰীয়া কিশোৰীক ধৰ্ষণৰ চেষ্টা ৪০ বছৰীয়াৰ

    আঞ্চলিক
    ১১বছৰীয়া কিশোৰীক ধৰ্ষণৰ চেষ্টা  ৪০ বছৰীয়াৰ

    ভেৰগাঁও : সৰস্বতী পূজাৰ দিনাই ওদালগুৰিৰ ভেৰগাঁৱৰ ডিমাকুছিত জঘন্য ঘটনা সংঘটিত হৈছে ৷ এটা সন্তানৰ পিতৃ তথা ৪০ বছৰীয়া লোকে ধৰ্ষণৰ চেষ্টা চলাই একেগাঁৱৰে ১১ বছৰীয়া কিশোৰীক৷ ধৰ্ষণৰ চেষ্টা চলোৱা লোকজনৰ নাম সোণ তালুকদাৰ ৷ ১৪ ফেব্ৰুৱাৰীৰ ঘটনা যদিও সৰস্বতী পুজাৰ দিনাহে পোহৰলৈ আহে সমগ্ৰ ঘটনা ৷





    আৰু পঢ়িব পাৰিব : শ্ৰীমন্ত শংকৰদেৱ সত্ৰৰ সত্ৰাধিকাৰ হৰেকৃষ্ণ মহন্তলৈ কনকলতা বঁটা





    জনতা প্ৰাথমিক বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী গৰাকীক ধৰ্ষণৰ চেষ্টা চলোৱাৰ কথা কাৰোবাৰ আগত ক'লেই পৰিয়ালটো বিপদত পৰিব বুলিও ভয় ধমকি দিয়ে লম্পদ সোণ তালুকদাৰে ৷ ইতিমধ্যে ডিমাকুছি থানাত ন্যায় বিছাৰি এজাহাৰ দাখিল কৰিছে কিশোৰীগৰাকীৰ পিতৃ তথা বৰঙাজুলি চাহ বাগিচাৰ শ্ৰমিকজনে ৷





    আৰু পঢ়িব পাৰিব : ভয়ংকৰ বাছ দুৰ্ঘটনা : থিতাতে নিহত ৩৫জন





    ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে সোণ তালুকদাৰ নামৰ ধৃত ব্যক্তিজনে ৷ পৰিয়ালৰ লোকে ডিমাকুছি থানাত এজাহাৰ দাখিল কৰাৰ পাছতে আৰক্ষীয়ে অপৰাধী সোণ তালুকদাৰক বিছাৰি অভিযান অব্যাহত ৰাখিছে ৷ ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য সৃষ্টি হৈছে ভেৰগাঁৱৰ ডিমাকুছিত ৷