• ১৯৮৫ চনতে স্থাপিত পশু চিকিৎসালয়ৰ দুৰৱস্থা, বন্ধ চিকিৎসাসেৱা

    আঞ্চলিক
    ১৯৮৫ চনতে স্থাপিত পশু চিকিৎসালয়ৰ দুৰৱস্থা, বন্ধ চিকিৎসাসেৱা

    ডিব্ৰুগড়ঃ যি সময়ত ৰাজ্য চৰকাৰে গো-সুৰক্ষা আইন প্ৰৱৰ্তন কৰিছে, তেনে সময়তে পশু চিকিৎসালয়সমূহৰ প্ৰতি চৰকাৰে কোনোধৰণৰ গুৰুত্ব আৰোপ নকৰা পৰিলক্ষিত হৈছে! যাৰবাবে পশুপালকসকল যথেষ্ট সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে। ১৯৮৫ চনতে স্থাপন হোৱা টিংখাঙৰ টেঙাপানী, কাৱৈমাৰী ৰাজ্যিক পশু চিকিৎসালয়খন বহু বছৰ ধৰি বন্ধ হৈ আছে।





    শেহতীয়াকৈ দুবছৰৰ পূৰ্বে পশু চিকিৎসালয়খনৰ নতুন গৃহৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হ’ল যদিও চিকিৎসাসেৱা আজিলৈকে মুকলি নহ’ল। যাৰ ফলত অঞ্চলটোৰ টেঙাপানী, গড়পথাৰ, বগৰীগুৰি আৰু বৰবাম আদি গাঁৱৰ পশুপালকসকল যথেষ্ট সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে। চিকিৎসাৰ অভাৱত বিভিন্ন সময়ত পশুধনৰ মৃত্যু ঘটাত চৰম লোকচানৰ সন্মুখীন হ’বলগীয়া হয় পশুপালকসকল।





    উল্লেখ্য যে, বৃহত্তৰ অঞ্চলটোৰ অধিকাংশ লোকেই কৃষি আৰু পশুপালনৰ সৈতে জড়িত। তেনেস্থলত পশু চিকিৎসালয়খন পুনৰ কাৰ্যকৰী কৰি স্থানীয় পশুপালকসকলৰ দীৰ্ঘদিনীয়া সমস্যা সমাধান কৰিবলৈ কৃষিমন্ত্ৰী অতুল বৰা তথা বিভাগীয় কৰ্তৃপক্ষৰ প্ৰতি দাবী জনাইছে স্থানীয় ৰাইজে।