• ১ ছেপ্টেম্বৰৰ পৰা ৰাজ্যত হ'ব নতুন নিয়ম !

    আঞ্চলিক
    ১ ছেপ্টেম্বৰৰ পৰা ৰাজ্যত হ'ব নতুন নিয়ম !

    গুৱাহাটী: ৰাজ্যৰ ক’ভিড পৰিস্থিতিক লৈ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই আজি প্ৰদান কৰে গুৰুত্বপূর্ণ মন্তব্য৷ ১ ছেপ্টেম্বৰৰ পৰা সম্পূৰ্ণ আনলক নহয় ৰাজ্যত৷ অৱশ্যে কিছু কিছু ক্ষেত্ৰত আহিব শিথিলতা বুলিও জনায় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে৷





    ১ ছেপ্টেম্বৰত নতুন এছঅ’পি ঘোষণা হ’ব৷ ক’ভিডৰ তৃতীয় ঢৌক লৈ সম্পূৰ্ণ সাজু স্বাস্থ্য বিভাগ৷ তৃতীয় ঢৌৰ সৈতে যুঁজ দিবলৈ সাজু বিভাগ৷ পোষ্ট ক’ভিডৰ চিকিৎসাৰ বাবে কালাপাহাৰ হাস্পতাল সাজু কৰা হৈছে৷





    কালাপাহাৰ হাস্পতালত পোষ্ট ক’ভিডৰ বাবে ১০৬খন বিচনা সাজু কৰা হৈছে বুলি জনায় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে৷