National
Rahul Gandhi remarked on Prime Minister Narendra Modi's surname in Kolar, Karnataka, in 2019...
নতুন দিল্লীঃ ২০৩৬, ২০৪০ৰ উপৰি অলিম্পিক গেমছ আয়োজন কৰিবলৈ আগ্ৰহী বহুতো দেশৰ ভিতৰত ভাৰত অন্যতম বুলি আন্তৰ্জাতিক অলিম্পিক সমিতিৰ সভাপতি থ’মাছ বাকে শেহতীয়াকৈ সদৰী কৰিছে। ব্ৰিছবেন চহৰখনে ২০৩২ চনত গ্ৰীষ্মকালীন অলিম্পিকৰ আয়োজন কৰিব বুলি আন্তৰ্জাতিক অলিম্পিক সমিতিয়ে জানিবলৈ দিছে। ২০৩২ৰ গ্ৰীষ্মকালীন ক্ৰীড়া আয়োজনৰ বাবে বিগত মাহত অষ্ট্ৰেলিয়াৰ ব্ৰিছবেনক বাছনি কৰাৰ পাছত আইঅ’চিয়ে ২০৩৬, ২০৪০ আৰু আনকি তাৰ পাছতো অলিম্পিক আয়োজনৰ বাবে টুইটাৰত পোষ্ট কৰা বুলি বাকে ‘ৱাল ষ্ট্ৰীট জাৰ্নেল’ৰ এক প্ৰতিবেদনত জনাইছে। টুইটাৰৰ পোষ্টটোৰ প্ৰতি সঁহাৰি জনোৱা আয়োজকসকলৰ ভিতৰত আছে ইণ্ডোনেছিয়া, ভাৰত, জাৰ্মানী আৰু কাটাৰ।
আনহাতে, ভাৰতীয় এছ’চিয়েশ্যনৰ সাধাৰণ সচিব ৰাজীৱ মেহতাই সংবাদ মাধ্যমক প্ৰদান কৰা এটা সাক্ষাৎকাৰত অনাগত সময়ত ভাৰতে অলিম্পিক আয়োজনৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে বুলি জানিবলৈ দিছে। উল্লেখ্য যে, ট’কিঅ’ অলিম্পিক আৰম্ভ হোৱাৰ পূৰ্বে ভিডি়অ’ কনফাৰেন্সৰ মাধ্যমেৰে আইঅ’চিৰ সৈতে এখন বৈঠকৰ আয়োজন কৰা হৈছিল আৰু বৈঠকতে ২০৩৬ কিম্বা পৰৱৰ্তী অলিম্পিক আয়োজনৰ ইচ্ছা প্ৰকাশ কৰিছিল ভাৰতে।
চলিত বৰ্ষৰ মাৰ্চ মাহত নতুন দিল্লীৰ উপমুখ্যমন্ত্ৰী মনীশ ছিছ’দিয়াইয়ো ভাৰতত ক্ৰীড়া পৰিকাঠামো অধিক উন্নত কৰা হ’ব বুলি অৱগত কৰাৰ লগতে ২০৪৮ চনৰ অলিম্পিক নিলামত অনুষ্ঠিত হ’ব বুলি জনাইছিল। উল্লেখ্য যে, ২০৪৮ত ভাৰতে স্বাধীনতাৰ গৌৰৱজ্জ্বোল শতবৰ্ষত ভৰি দিব। উল্লেখ্য যে, অলিম্পিকৰ উপৰি ভাৰতে ২০৩০ চনত এছিয়ান গেমছ আৰু ২০২৬ চনত যুৱ অলিম্পিক গেমছ আয়োজন কৰিবলৈও ইচ্ছা প্ৰকাশ কৰিছে।
Leave A Comment