• ২০ সংখ্যক আন্তঃৰাষ্ট্ৰীয় লিঅ' এক্সপো : অংশ ল'ব ৪খন দেশৰ প্ৰতিনিধিয়ে

    আঞ্চলিক
    ২০ সংখ্যক আন্তঃৰাষ্ট্ৰীয় লিঅ' এক্সপো : অংশ ল'ব ৪খন দেশৰ প্ৰতিনিধিয়ে

    গুৱাহাটী : গুৱাহাটীৰ ‘মণিৰাম দেৱান ট্ৰেড চেণ্টাৰ’ত অনুষ্ঠিত হ'ব ২০ সংখ্যক আন্তঃৰাষ্ট্ৰীয় লিঅ' এক্সপো৷ ৫ৰ পৰা ২২ ফেব্ৰুৱাৰীলৈ ১৯ দিনীয়াকৈ চলিব এই এক্সপো৷ ইৰাণ, বাংলাদেশ, আফগানিস্তান আৰু থাইলেণ্ডৰ প্ৰতিনিধিয়ে এক্সপোত ভাগ লোৱাৰ লগতে দেশৰ বিভিন্ন ৰাজ্যৰ প্ৰতিনিধিও থাকিব এই এক্সপোত৷





    আৰু পঢ়িব পাৰিব : নেপালত ৰাজনৈতিক অস্থিৰতাৰ নতুন মোৰ, বিপদ বৃদ্ধি কে পি অ’লিৰ





    সংবাদমেলৰ জৰিয়তে জনোৱা মতে প্ৰায় ৩০০খন বিপণী থাকিব এইবাৰৰ আন্তঃৰাষ্ট্ৰীয় লিঅ' এক্সপোত৷ বজাৰ কৰাৰ লগতে জনসাধাৰণৰ বাবে থাকিব মনোৰঞ্জনৰ ব্যৱস্থা আৰু প্ৰতিদিনে সাংস্কৃতিক অনুষ্ঠানো আয়োজন কৰা হ'ব৷





    আৰু পঢ়িব পাৰিব : ছিকিমৰ নাকু লাত চীনা সৈন্যৰ আগ্ৰাসন প্ৰতিহত ভাৰতীয় সেনাৰ





    ইপিনে প্ৰতিবছৰৰ দৰে এইবাৰো দুগৰাকীকৈ শিল্পী-সাংবাদিকক সন্মান জনাব৷ পুৱা ১১ বজাৰ পৰা নিশা ৯ বজালৈ খোলা থাকিব এক্সপো আৰু প্ৰৱেশ-পত্ৰ মূল্য ৩০টকা হ'ব বুলি ‘গুৱাহাটী প্ৰেছ ক্লাব’ত সংবাদমেলযোগে জনাই উদ্যোক্তাই৷ সংবাদমেলত উপস্থিত থাকে মনীষা হাজৰিকা, নিশিতা গোস্বামী আৰু প্ৰনয় বৰদলৈকে ধৰি কেইবাজনো ব্যক্তি৷