ৰাষ্ট্ৰীয়
গুৱাহাটী: মহানগৰীৰ মঠঘৰীয়াস্থিত ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত মাইক্ৰ’ ফাইনেঞ্চৰ সন্দৰ্ভত আয়োজন কৰে এক সংবাদমেলৰ। নিৰ্বাচনী প্ৰচাৰ সভাত ড০ হিমন্ত বিশ্ব শৰ্মাই মাইক্ৰ’ ফাইনেঞ্চৰ পৰা ২৬ লাখ মহিলাক ঋণমুক্ত কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও বৰ্তমান চৰকাৰে সেয়া প্ৰতাৰণা কৰিছে৷ মাইক্ৰ’ ফাইনেঞ্চৰ কোম্পানীসমূহক ৰক্ষণাবেক্ষণ হিমন্ত বিশ্ব শৰ্মাই দিছে বুলি অভিযোগ উত্থাপন ৰাইজৰ দলৰ।
আৰু পঢ়িব পাৰিব : কাঠৰ বাকচৰ ভিতৰত গংগাৰে উটি আহিল নৱজাতক কন্যা
‘Assam microfinance Act. 2021’,- আইনখন পাঁচমাহ অতিক্ৰম কৰাৰ পাছতো আজি পৰ্যন্ত অসমত প্ৰয়োগ কৰা নহ'ল। এই আইনখন অসমত প্রয়োগ হ’লে ঋণৰ কিস্তি দিব নোৱাৰা মহিলাসকলৰ ঋণ মাফ হৈ গ’লহেঁতেন আৰু ঋণ ৰেহাইৰ নামত চৰকাৰৰ ৰাজকোষৰ পৰা হাজাৰ হাজাৰ কোটি টকা দিব নালাগিলহেঁতেন বুলিও সংবাদমেলত কয়। লগতে মুখ্যমন্ত্ৰী, বিত্তমন্ত্ৰীক অতিশীঘ্ৰেই এই আইনখন অসমত বলবৎ কৰাৰ আহ্বান জনায়৷
আৰু পঢ়িব পাৰিব : দেশত প্ৰস্তুত হৈ আছে ‘গেম চেঞ্জাৰ’ প্ৰতিষেধক, অক্টোবৰত হ’ব সুলভ!
ইপিনে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা সম্পৰ্কে ৰাইজৰ দলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যতৰ কথা চিন্তা কৰি এটা সুস্থিৰ সিদ্ধান্তত চৰকাৰ ব্যৰ্থ হৈছে বুলি কয়। লগতে ছাত্ৰ-ছাত্ৰীসকলে উচ্চ শিক্ষাৰ বাবে বহিঃৰাজ্যত নামভৰ্তি কৰিবলৈ যাওঁতে যাতে কোনো অসুবিধাৰ সন্মুখীন নহয় বা শিক্ষাবৰ্ষ যাতে নষ্ট নহয় তাৰ বাবে চৰকাৰক গুৰুত্ব দিয়াৰ বাবে আহ্বান জনায় ৰাইজৰ দলে।
Leave A Comment