• ২৬ লাখ ৭০ হাজাৰ টকা মূল্যৰ নিচাজাতীয় দ্ৰব্য বিনষ্টঃ কাৰ্যসূচীত উপস্থিত মন্ত্ৰী যোগেন মহন

    আঞ্চলিক
    ২৬ লাখ ৭০ হাজাৰ টকা মূল্যৰ নিচাজাতীয় দ্ৰব্য বিনষ্টঃ কাৰ্যসূচীত উপস্থিত মন্ত্ৰী যোগেন মহন

    সোণাৰীঃ চৰাইদেউ জিলা আৰক্ষীয়ে বিগত দুটা বছৰত জব্দ কৰা অবৈধ ড্ৰাগছ তথা নিচাজাতীয় দ্ৰব্য আজি আনুষ্ঠানিকভাৱে দাহ কৰে ৰাজ্যৰ মন্ত্ৰী যোগেন মহনে।





    চৰাইদেউ জিলা আৰক্ষীয়ে আজি অনুষ্ঠিত কৰা ড্ৰাগছ বিনষ্টকৰণ অভিযানত দাহ কৰা হয় জব্দকৃত ড্ৰাগছ, গাঁজা আদিকে ধৰি নিচাজাতীয় দ্ৰব্যসমূহ। মন্ত্ৰী যোগেন মহনে জানিবলৈ দিয়া অনুসৰি আজি প্ৰায় ২৬ লাখ ৭০ হাজাৰ টকা মূল্যৰ ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰী দাহ কৰা হয়।





    ইয়াৰে ২৮৭.০১ গ্ৰাম ব্ৰাউন ছুগাৰৰ মূল্য প্ৰায় ২০ লাখ টকাৰ হ'ব বুলি মন্তব্য কৰে।