• ২ লাখ ৩২ হাজাৰ নিবনুৱাক প্ৰৱঞ্চনা;কিদৰে বিক্ৰী হৈছিল এপিডিচিএলৰ চাকৰি

    আঞ্চলিক
    ২ লাখ ৩২ হাজাৰ নিবনুৱাক প্ৰৱঞ্চনা;কিদৰে বিক্ৰী হৈছিল এপিডিচিএলৰ চাকৰি

    ডিজিটেল ডেস্কঃ নিবনুৱা সমস্যাত ভাৰাক্ৰান্ত অসমৰ লগতে সমগ্ৰ দেশ। খালি হৈছে বহু চৰকাৰী পদ, অনুস্থিত হৈছে পৰীক্ষাও। কিন্তু কিছুসংখ্যক লালসাগ্ৰস্ত মধ্যভোগীৰ বাবে প্ৰৱঞ্চনাৰ বলি হৈ আহিছে নিবনুৱাসকল। চাকৰিৰ বাবে পইচা লোৱা লোকসকলৰ বিৰুদ্ধে বিভিন্ন সময়ত ব্যৱস্থা গ্ৰহণ কৰাৰ পাছতো শেষ হোৱা নাই কেলেংকাৰী।অসম শক্তি বিতৰণ কোম্পানী লিমিটেড চমুকৈ এপিডিচিএলৰ পৰীক্ষা কেলেংকাৰী পোহৰলৈ অহাৰ পাছতেই ৰাজ্যজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়া। এপিডিচিএলৰ ১৬০০ পদৰ বাবে ২০১৯ত অনুস্থিত হৈছিল নিযুক্তি পৰীক্ষা। ১৬০০ পদৰ বিপৰীতে আবেদন কৰিছিল অসমৰ ২ লাখ ৩২ হাজাৰ নিবনুৱা যুৱক-যুৱতীয়ে। পৰীক্ষাত কেলেংকাৰীৰ উমান পোৱা মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী শাখাই গুৱাহাটীৰ বিভিন্ন স্থানত অভিযান চলাই গ্ৰেপ্তাৰ কেলেংকাৰীত জড়িত ১০ জনকৈ লোকক।





    পৰীক্ষা কেলেংকাৰীৰ অন্যতম হোতা এপিডিচিএলৰ অ'এছডি দীপাংকৰ দিহিঙীয়া। পৰীক্ষা অনুষ্ঠিত কৰাৰ দায়িত্ব নেইকম ইম্প্ৰেছনক দিয়াৰ বাবে আগভাগ লৈছিল অভিযুক্ত দীপাংকৰ দিহিঙীয়াই। ইয়াৰ পূৰ্বেও বিভিন্ন বিতৰ্কত নাম সাঙোৰ খাইছিল এইজন দীপাংকৰ দিহিঙীয়াৰ। কেলেংকাৰী সন্দৰ্ভত পৰীক্ষা অনুষ্ঠিত কৰা নেইকম ইম্প্ৰেছনৰ ছজন কৰ্মচাৰীকো গ্ৰেপ্তাৰ কৰে তদাৰকী শাখাই। ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই কেলেংকাৰী সংঘটিত হোৱা এপিডিচিএলৰ পৰীক্ষা বাতিলৰ পোষকতা কৰে আৰু নতুনকৈ পৰীক্ষা অনুষ্ঠিত কৰাৰ পৰামৰ্শ আগবঢ়ায়।