International
গুৱাহাটী: মহানগৰীত পুনৰ চাঞ্চল্যকৰ অপহৰণ কাণ্ড সংঘটিত হৈছে। অপহৰণ কৰি নিয়াৰ ৪৮ ঘণ্টাৰ পাছতো মহানগৰ আৰক্ষীয়ে কোনো ব্যৱস্থা হাতত নোলোৱাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। এই অপহৰণৰ ঘটনা সংঘটিত হৈছে মহানগৰীৰ লালমাটিৰ ব্ৰহ্মপুত্ৰ বজাৰৰ পৰা।
এটি ৩মহীয়া নিষ্পাপ শিশুক একেটা ভাৰাঘৰৰে আন এটা মহিলা মঞ্জু বেগম নামৰ মহিলাই অপহৰণ কাণ্ড সংঘটিত কৰা বুলি অভিযোগ তুলিছে শিশুটিৰ মাতৃয়ে৷ মহানগৰীৰ লালমাটিস্থিত ব্ৰহ্মপুত্ৰ বজাৰৰ দুজন বেপাৰীৰে সৈতে মিলি সমগ্ৰ অপহৰণ কাণ্ডৰ ব্লুপ্ৰিণ্ট ৰচাৰ অভিযোগ উত্থাপিত হৈছে মহিলাগৰাকীৰ বিৰুদ্ধে।
উল্লেখ্য যে, বৰ্তমান বশিষ্ঠ আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত আটক কৰে আষ্মীনাৰ খাতুন, ইমান আলী, ৰফিকুল ইছলাম, ছাঁইদুল আখমন আৰু মজিৰুল খানক।
Leave A Comment