• ৩০টা শগুনৰ অস্বাভাৱিক মৃত্যু : আতংকত অঞ্চলবাসী

    আঞ্চলিক
    ৩০টা শগুনৰ অস্বাভাৱিক মৃত্যু : আতংকত অঞ্চলবাসী

    তিনিচুকীয়া : তিনিচুকীয়া জিলাৰ তালাপ ধূলিজানত ৩০ টাকৈ লুপ্তপ্ৰায় শগুনৰ অস্বাভাৱিক মৃত্যুত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ ধুলিজান গাঁৱৰ ধাননি পথাৰত জাক জাক শগুনৰ অস্বাভাৱিক গতিবিধি প্ৰত্যক্ষ কৰি স্থানীয় প্ৰকৃতি প্ৰেমী সংগঠনৰ লোকে ঘটনাস্থলী পৰিদৰ্শন কৰি ৩০টাকৈ শগুন মৃত অৱস্থাত পোৱাৰ লগতে অন্য ১৩টা শগুন অসুস্থ অৱস্থাত উদ্ধাৰ কৰে৷





    আৰু পঢ়িব পাৰিব : গুজৰাটত তীব্ৰবেগী ট্ৰাকৰ খুন্দাত ১৫জন প্ৰব্ৰজিত শ্ৰমিকৰ মৃত্যু





    এই ঘটনা প্ৰত্যক্ষ কৰাৰ পাছতে ততাতয়াকৈ বন বিভাগক ঘটনাৰ সম্পৰ্কে জনোৱাত বন বিভাগে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে৷ প্ৰকৃতিৰ চাফাইকৰ্মী হিচাপে পৰিচিত লুপ্তপ্ৰায় শগুনৰ এনে অস্বাভাৱিক মৃত্যুত প্ৰকৃতি প্ৰেমী আৰু স্থানীয় লোকৰ মাজত আতংকই বিৰাজ কৰা দেখা গৈছে৷





    প্ৰথম অৱস্থাত পথাৰত মৃত কেইবাটাও গৰুৰ শব ভক্ষণ কৰাৰ ফলতে এই ঘটনা সংঘটিত হোৱা বুলি ধাৰণা কৰা হৈছিল যদিও বৰ্তমান দেশত বাৰ্ড ফ্লুৰ সংক্ৰমণৰ বাতৰিয়ে জনসাধাৰণৰ মাজত আতংকৰ সৃষ্টি কৰিছে বুলি জানিবলৈ পোৱা গৈছে৷





    আৰু পঢ়িব পাৰিব : মূলসূঁতিলৈ প্ৰত্যাৱৰ্তন কৰা এনডিএফবি সদস্যলৈ চৰকাৰৰ আৰ্থিক সাহায্য…





    উল্লেখ্য যে, ঘটনাস্থলীৰ গাতে লাগি থকা 'ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰতি লক্ষ্য ৰাখি ৩০টাকৈ শগুনৰ অস্বাভাৱিক মৃত্যুৰ তদন্ত ক্ষীপ্ৰতাৰ কৰি উচিত পদক্ষেপ গ্ৰহণ কৰিবলৈ স্থানীয় প্ৰকৃতি প্ৰেমী আৰু দল-সংগঠনে বন বিভাগ আৰু প্ৰশাসনক দাবী জনাইছে৷