• ৩০ মিনিটতে বিক্ৰীৰ অভিলেখ গঢি়লে মেছীৰ জাৰ্ছীয়ে

    আঞ্চলিক
    ৩০ মিনিটতে বিক্ৰীৰ অভিলেখ গঢি়লে মেছীৰ জাৰ্ছীয়ে

    পেৰিছঃ স্পেইনৰ পৰা পেৰিছলৈ বাট লোৱাৰ পাছতে আহ্লাদিত মেছী অনুৰাগী। পিএছজিত যোগদান কৰাৰ পাছত মেছীয়ে কিমান নম্বৰ জাৰ্ছী পৰিধান কৰিব তাকে লৈ কৌতুহলৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছিল। সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই মেছীয়ে অৱশেষত ৩০ নম্বৰ জাৰ্ছী পৰিধানৰ সিদ্ধান্ত লৈছিল। পিএছজিৰ অফিচিয়েল অনলাইন দোকানত মেছীৰ জাৰ্ছী ক্ৰীড়ানুৰাগীৰ বাবে মুকলি কৰি দিয়া হৈছিল।





    আচৰ্যজনক যে, মুকলিৰ মাত্ৰ ৩০ মিনিটৰ ভিতৰতে ফুটবল তাৰকা লিঅ’নেল মেছীৰ সকলো জাৰ্ছী বিক্ৰী হৈ যায়। জানিবলৈ পোৱা মতে, পিএছজি-এ মেছীৰ জাৰ্ছী চৰা মূল্যত বিক্ৰী কৰিছে। মেছীৰ এটা জাৰ্ছীৰ মূল্য ১৫৭.৯৯ ইউৰো অৰ্থাৎ ভাৰতীয় মূল্যত প্ৰায় ১৩,৭৬২ টকা । ইয়াৰ পূৰ্বে আৰ্জেণ্টিনাৰ সংবাদ মাধ্যম টিৱাইচি স্পৰ্টছে প্ৰকাশ কৰিছে যে, মেছীৰ পাছত জাৰ্ছীৰ মূল্যৰ ক্ষেত্ৰত কেলিয়ান এমবাপে, নেইমাৰ, আনহেল দি মাৰিয়া আৰু লিয়েন্দ্ৰ পেৰেডেছ একে শাৰীতে আছে।





    তেওঁলোকৰ জাৰ্ছীৰ মূল্য ১০৭.৯৯ ইউৰো, ভাৰতীয় মূল্যত প্ৰায় ৯,৪০৭ টকা।
    পিএছজি-এ অফিচিয়েল ৱেবছাইটত অনলাইন মাধ্যমত মেছীৰ জাৰ্ছীৰ ৩টা সংস্কৰণ বিক্ৰী কৰি আছে। উল্লেখ্য যে, পিএছজি-এ এতিয়াও আন্তৰ্জাতিক বজাৰত এই জাৰ্ছীসমূহৰ বিপণন আৰম্ভ কৰা নাই। আনকি নাইকীৰ অফিচিয়েল অনলাইন দোকানেও মেছীৰ জাৰ্ছী মুকলি কৰা নাছিল। বাৰ্চিলোনাত ১০ নম্বৰৰ জাৰ্ছী পিন্ধিলেও মেছীয়ে পিএছজিত ৩০ নম্বৰৰ জাৰ্ছী পিন্ধিব। মেছী পিএছজিলৈ অহাৰ আগতে নেইমাৰৰ প্ৰিয় ১০ নম্বৰৰ জাৰ্ছী আছিল। নেইমাৰৰ প্ৰতি সন্মান জনাই মেছীয়ে ১০ নম্বৰৰ পৰিৱৰ্তে ৩০নম্বৰৰ জাৰ্ছী বাছনি কৰিছে।