Regional
গুৱাহাটী : জনতা ভৱনত আজি বিত্ত বিভাগৰ নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠান সম্পন্ন হয়৷ ৩৪জন নতুন ৰাজপ্ৰতিত বিষয়াক অসম চৰকাৰৰ বিত্ত বিভাগত নিযুক্তি প্ৰদান। বিত্তমন্ত্ৰী অজন্তা নেওগে নিযুক্তি প্ৰদান কৰে নতুন বিষয়াকেইজনক। এপিএছচিয়ে বাছনি কৰে এই ৩৪ এএফএছ বিষয়াক৷
ৰাজ্যৰ বিত্তীয় ব্যৱস্থা বৰ্তমানে সুস্থিৰ বুলি এই অনুষ্ঠানত কয় বিত্তমন্ত্ৰীয়ে৷ নিযুক্তি পত্ৰ লাভ কৰা ৩৪ এএফএছ বিষয়াৰ শীঘ্ৰে প্ৰশিক্ষণ আৰম্ভ হ'ব৷ প্ৰশিক্ষণৰ সময়সীমা হ'ব ছমাহ৷ প্ৰশিক্ষণৰ পাছতে সংলগ্ন বিষয়া হিচাপে দায়িত্ব অৰ্পন কৰা হ'ব৷
ইপিনে কোষাগাৰ বিষয়াৰ লগতে গাণনিক বিষয়াৰ অভাৱ আছে ৰাজ্যত৷ এতিয়াও কনিষ্ঠ পৰ্য্যায়ত খালি আছে ৪০টা পদ , জ্যেষ্ঠ পৰ্য্যায়তো পদোন্নতি নোহোৱাৰ বাবে খালি হৈ আছে বিভাগৰ কিছু সংখ্যক পদ৷
Leave A Comment