National
A combative Rahul Gandhi slammed Prime Minister Narendra Modi a day after the main opposition leader was disqualified from parliament. Gandhi claimed...
Digital Desk: A combative Rahul Gandhi slammed Prime Minister Narendra Modi a day
ট’কিঅ' : ৪১ বছৰীয়া অপেক্ষাৰ অন্ত পেলালে ভাৰতীয় হকী দলে। অলিম্পিকত পদক জয়ৰ দীৰ্ঘ প্ৰতীক্ষাৰ পাছত ভাৰতীয় পুৰুষ হকী দলে জয় কৰিলে ব্ৰঞ্জৰ পদক। ১৯৮০ চনৰ পাছত ভাৰতে হকীত অলিম্পিক পদক জিনিবলৈ সক্ষম হ’ল। তৃতীয় স্থান নিৰূপনৰ বাবে খেলা খেলখনত জাৰ্মানীক ৫-৪ গ'লত পৰাস্ত কৰি ভাৰতীয় পুৰুষ হকী দলে ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে। উল্লেখ্য যে, ১৯৮০ চনত মস্কো অলিম্পিকত শেষবাৰলৈ সোণৰ পদক অৰ্জন কৰিছিল ভাৰতীয় হকী দলে। তীব্ৰ উত্তেজনাপূৰ্ণ খেলখনত ভাৰতে শেষ পৰ্যন্ত যুঁজ দি জাৰ্মানীক পৰাভূত কৰিবলৈ সক্ষম হয়। খেলখনত দুবাৰকৈ পশ্চাদগামী অৱস্থানৰ পৰা প্ৰত্যাৱৰ্তন কৰি ভাৰতে সমতা স্থাপন কৰিবলৈ সক্ষম হয় আৰু তাৰপাছত অগ্ৰগতি লাভ কৰে।
খেলখনৰ দুমিনিটৰ ভিতৰতে তিমুৰ অৰুজে কৰা গ'লেৰে জাৰ্মানীয়ে প্ৰাৰম্ভিক অগ্ৰগতি লাভ কৰিছিল। প্ৰথম কোৱাৰ্টাৰত জাৰ্মানীয়ে ভাৰতীয় ৰক্ষণবিভাগক অসুবিধাত পেলাইছিল যদিও অৱশ্যে অগ্ৰগতি বৃদ্ধি কৰিব পৰা নাছিল। দ্বিতীয় কোৱাৰ্টাৰত ভাৰতৰ চিমৰণজিৎ সিঙে এটা চমকপ্ৰদ ‘টমহাক শ্বট’ৰ জৰিয়তে গ'ল কৰিবলৈ সক্ষম হয়। কিন্তু ৰক্ষণ বিভাগৰ ত্ৰুটিৰ বাবে জাৰ্মানীয়ে দুই মিনিটৰ ভিতৰত আৰু দুটা গ'ল কৰে। এনে অৱস্থাত ভাৰত সমস্যাত পৰিব পাৰে বুলি ধাৰণা কৰা হৈছিল যদিও দুটা পেনাল্টি কৰ্ণাৰে ফলাফল ভাৰতৰ সপক্ষলৈ আনিবলৈ সক্ষম হয়। ভাৰতৰ হৈ হাৰ্দিক সিং আৰু হৰমনপ্ৰীত সিঙে গ’ল কৰি স্কোৰত ৩-৩ৰ সমতা আনিছিল। ভাৰতৰ হৈ আন দুটা গ’ল কৰে ৰূপিন্দৰ পল সিং আৰু ছিমৰনজিৎ সিঙে। ইয়াৰ জৰিয়তে ট’কিঅ’ অলিম্পিকত ভাৰতে চতুৰ্থটো পদক জয় কৰিবলৈ সক্ষম হয়। এই বিজয়ৰ পাছতে ভাৰতীয় হকী দলটোক অভিনন্দন জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। উল্লেখ্য যে,
টকিঅ' অলিম্পিকত ভাৰতৰ পুৰুষ হকী দলটোৰ প্ৰদৰ্শন আছিল অতি চমকপ্ৰদ। তেওঁলোকৰ আৰম্ভণিতে গ্ৰুপ পৰ্যায়ৰ খেলত নিউজিলেণ্ডক ৩-২ ত পৰাস্ত কৰিছিল, আৰু তাৰ পিছত গ্ৰুপ মেচবোৰত জাৰ্মানীক ২-০, স্পেইনক ৩-১, আৰ্জেণ্টিনাক ৩-১, আৰু জাপানক ৫-৩ গ’লত পৰাজিত কৰিছিল। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৭-১ৰ পৰাজয়, আৰু বিশ্ব চেম্পিয়ন বেলজিয়ামৰ হাতত ছেমি ফাইনেলত ৫-২ গ’লত পৰাজয়ৰ স্বীকাৰ কৰাৰ বাহিৰে, ভাৰতে টকিঅ'ত তেওঁলোকৰ সকলো খেল জিকিছিল।
Leave A Comment