• ৫৪ বছৰীয়াৰ কামনাৰ বলি নাবালিকা, গ্ৰেপ্তাৰ অভিযুক্ত

    আঞ্চলিক
    ৫৪ বছৰীয়াৰ কামনাৰ বলি নাবালিকা, গ্ৰেপ্তাৰ অভিযুক্ত

    ডিফুঃ কাৰ্বি পাহাৰৰ সীমান্তৱৰ্তী পাৰখোৱাত জঘন্য ধৰ্ষণকাণ্ড সংঘটিত হৈছে। ৫৪বছৰীয়া বৃদ্ধাৰ কামনাৰ বলি হৈছে চতুৰ্থ শ্ৰেণীত অধ্যয়নৰত এগৰাকী নাবালিকা । মতিলাল ক্ৰ' নামৰ এটা পাষণ্ডই ঘৰলৈ মাতি কু-কৰ্মত লিপ্ত হয় নাবালিকাগৰাকীৰ সৈতে।





    আৰু পঢ়িব পাৰিব : ‘যাদু’ৰ যাদুকৰী : কথমপি ৰক্ষা পৰিল ক্ৰিছ গেইল!





    শনিবাৰে সন্ধিয়া সংঘটিত হোৱা এই ঘটনা কালি আবেলি পোহৰলৈ আহে। তাৰ পাছতেই স্থানীয় ৰাইজে অভিযুক্তক আটক কৰি গটাই দিয়ে পাৰখোৱা আৰক্ষী পহৰা চকীত।





    আৰু পঢ়িব পাৰিব : বিহু দলক আক্ৰমণ টোলগেটৰ সুৰাসক্ত কৰ্মচাৰীৰ





    অভিযুক্ত মতিলাল ক্ৰ'ক বৰ্তমান আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। ধৰ্ষণকাৰী মতিলাল ক্ৰ'ৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ দাবী স্থানীয় মহিলা আৰু ৰাইজৰ।