• ৫ বছৰৰ অনূৰ্ধ্বৰ শিশুৰ বাবে নতুন ভেকচিনঃ ১২ ৰাজ্যত শুভাৰম্ভণি

    আঞ্চলিক
    ৫ বছৰৰ অনূৰ্ধ্বৰ শিশুৰ বাবে নতুন ভেকচিনঃ ১২ ৰাজ্যত শুভাৰম্ভণি

    গুৱাহাটীঃ খানাপাৰা ৰাজ্যিক চিকিৎসালয়ত স্বাস্থ্য বিভাগৰ বিশেষ কাৰ্যসূচী অনুষ্ঠিত হৈছে। ৫ বছৰৰ তলৰ শিশুৰ বাবে নতুন ভেকচিন প্ৰদানৰ শুভাৰম্ভণি কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই শুভাৰম্ভণি কৰে ‘Pneumococcal Conjugate Vaccine’ চমুকৈ ‘PCV’ নামৰ এটা ভেকচিন। ৫ বছৰৰ তলৰ শিশুসকলক প্ৰদান কৰা হ'ব এই ভেকচিন।





    নিম'নিয়াৰ দৰে ৰোগৰ পৰা ৰক্ষা পাবলৈ শিশুসকলক দিয়া হ'ব এই ভেকচিন। ক'ভিড সংক্ৰমণৰ এই সময়ছোৱাত শিশুসকলৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত সহায়ক হ'ব এই ভেকচিন। অসমকে ধৰি দেশৰ ১২খন ৰাজ্যত আজিৰেপৰা শুভাৰম্ভ হৈছে এই ভেকচিন প্ৰদান প্ৰক্ৰিয়া। স্বাস্থ্যমন্ত্ৰীৰ ভাষ্য অনুসৰি জিএমচিএইচৰৰ লগতে আন হাস্পতালসমূহত দিনৰ সময়ছোৱাৰ উপৰি নিশাৰ ভাগতো ক'ভিড ৰোগীয়ে প্ৰয়োজনীয় জৰুৰী চিকিৎসা দিহা তথা যতন পাব পৰাকৈ সহকাৰী অধ্যাপক বা জ্যেষ্ঠ চিকিৎসা বিশেষজ্ঞ চিকিৎসালয়খনত উপস্থিত থাকিব লাগিব। প্ৰতিদিনেই ক’ভিড বুলেটিন প্ৰকাশ কৰিব লাগিব। ৩ লাখকৈ তিনিদিন ক’ভিড ভেকচিন প্ৰদান কৰা হৈছে। এতিয়া ভেকচিনেশ্যন সম্পূর্ণৰূপে নিৰ্ভৰ কেন্দ্ৰীয় চৰকাৰৰ ওপৰত। শিশুসকলৰ সুৰক্ষাৰ বাবে অভিভাৱকসকল সচেতন হ'ব লাগিব। চৰকাৰৰ নিৰ্দেশনা মানি চলিবলৈ আহ্বান মন্ত্ৰীগৰাকীৰ।


    sabung ayam onlinecasino onlinesv388baccarat onlinelive baccaratlive casinogame onlineslot gacor lah apa lagislot gacormahjong ways game gacor maxwinkemewahan scatter hitam game gacorsyarat meraih 125juta game mahjong wins 3game gacor pragmatic 2025 mahjong wins 3adu jackpot 2 game gacor mahjongslot gacor